কাছাৰত নাও ডুবি এজনৰ মৃত্যু, সন্ধানহীন ৫ জন - Boat Capsizes In Cachar - BOAT CAPSIZES IN CACHAR
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-06-2024/640-480-21627214-thumbnail-16x9-cachar.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jun 3, 2024, 7:48 PM IST
কাছাৰ, ৩ জুন: কাছাৰৰ সোণাই দক্ষিণ মোহনপুৰত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা । বাঢ়নী পানীত নাও ডুবি এটি কিশোৰৰ মৃত্যু হোৱাৰ বিপৰীতে সন্ধানহীন হয় আন ৫ জন ৷ ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত NDRF ৰ লোক উপস্থিত হৈ লোককেইজনৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷
জিলাখনত বানে সংহাৰী ৰূপ ধাৰণ কৰি থকা সময়তে নাওখনৰে মহিলা-শিশুসহ ১০ জনকৈ লোকে পাৰাপাৰ হোৱাৰ সময়তে হঠাৎ ধুমুহা অহাৰ ফলত নাওখন পানীত ডুব যায় । ফলত নাওখনত থকা লোককেইজনো পানীত ডুব যায় । ঘটনাৰ পাচত স্থানীয় লোকে এজনৰ মৃতদেহৰ লগতে ৪ জনক জীৱন্তে উদ্ধাৰ কৰে । কিন্তু এতিয়াও পানীত নিখোজ হৈ আছে আন ৫ জন লোক ।
লগতে পঢ়ক: বানৰ সংহাৰী ৰূপ : বলিয়া বানে প্ৰাণ ল’লে দুজনৰ, আন এজন সন্ধানহীন - Assam Flood 2024