২০২৫ৰ বি টি চি নিৰ্বাচনত অকলেই যুঁজিব বিজেপিয়ে - 2025 BTC Election

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 8:53 PM IST

thumbnail
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ৪ আগষ্ট : ২০২৫ৰ বিটিচি নিৰ্বাচনত অকলেই যুঁজিব বিজেপিয়ে ৷ দেওবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে বৰ্তমান বিটিচি ৰাজনীতিত ইউ পি পি এলৰ সৈতে মিত্ৰতাত আছে বিজেপি ৷

মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিচতে বি টি আৰৰ ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি হৈছে ৷ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ সদস্যসকলক নিৰ্বাচনৰ বাবে সাজু হ’বলৈ আহ্বান জনাই কয়, ‘‘ যোৱাবাৰ বি টি চিৰ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা কৰিছিলো ৷ এইবাৰো বি টি চিত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম ৷ পঞ্চায়ত, জিলা পৰিষদতো মিত্ৰতা নকৰোঁ৷ নিৰ্বাচনৰ পিচত যি কৰিব লাগে কৰিম ৷’’

বি টি চিৰ কাৰ্যকৰ্তাসকলক চিদলীৰ উপ-নিৰ্বাচনত ইউ পি পি এল দলক সহায় কৰিবলৈ আহ্বান জনায় ৷ আনহাতে বঙাইগাঁৱৰ উপ-নিৰ্বাচনত অগপক সহায় কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়, ‘‘উপ-নিৰ্বাচনত চামগুৰি সমষ্টিত জিকিম নে নাই নাজানো, কিন্তু বীৰৰ দৰে প্ৰতিদ্বন্দ্বিতা কৰিম ৷ বিহালী সমষ্টিৰ দায়িত্ব ৰঞ্জিত দত্ত আৰু কাছাৰৰ দায়িত্ব পৰিমল শুক্লবৈদ্যক দিয়া হৈছে ৷’’

লগতে পঢ়ক : বি টি চিৰ চৰকাৰ বি পি এফৰ হাতলৈ আহিবই : হাগ্ৰামা মহিলাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.