বৰপেটা লোকসভা সমষ্টি বিজেপিৰ মিত্ৰজোঁটে দখল কৰিব : ভবেশ কলিতা - Organisational meeting of BJP
🎬 Watch Now: Feature Video


Published : Feb 2, 2024, 10:01 PM IST
নলবাৰী, ২ ফেব্ৰুৱাৰী : নৱগঠিত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মুকালমুৱাত আজি বিজেপিৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় । এই সাংগঠনিক সভাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মন্তব্য় কৰে । বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে এইবাৰ বৰপেটা লোকসভা সমষ্টি বিজেপিৰ মিত্ৰজোঁটে দখল কৰিব বুলি দবী কৰে ।
ভবেশ কলিতাই বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধানসভা সমষ্টিত দলৰ সাংগঠনিক কাম-কাজৰ বুজ লয় । ইফালে, অহা ৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভ কৰিব বুলি কয় । তদুপৰি বিজেপিত যোগদান সন্দৰ্ভত ভবেশ কলিতাই কয়," বহুলোকে বিজেপিত যোগদান কৰিব । যোগদান কৰিবলগীয়া ব্যক্তিৰ এক দীঘলীয়া তালিকা আছে । অতি শীঘ্ৰেই আয়োজন কৰা হ'ব যোগদান কাৰ্যসূচী । যোগদান কাৰ্যসূচীত দেখিব কোনে কোনে বিজেপিত যোগদান কৰে ।"
লগতে পঢ়ক:শোণিতপুৰৰ পৰা দিল্লীলৈ যাব কোন ? শাসক-বিৰোধীৰ যুদ্ধকালীন তৎপৰতা