বৰপেটা চিকিৎসা মহাবিদ্যালয়ত বৃদ্ধি কৰা হ’ল চিকিৎসা মাচুল: অধ্যক্ষৰ সংবাদমেল - Barpeta Medical College

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 4:33 PM IST

thumbnail
ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা মাচুল বৃদ্ধি (ETV Bharat Assam)

বৰপেটা, 4 আগষ্ট : বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাৰ মাচুল বৃদ্ধি কৰা হৈছে ৷ আজি এক সংবাদমেল যোগে এই কথা সদৰী কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে ৷ অৱশ্যে তেওঁ ৰাইজৰ অসুবিধা নোহোৱাকৈ মাচুলৰ পৰিমাণ বৃদ্ধি কৰা হৈছে বুলি কয় ৷

অসম চৰকাৰৰ শেহতীয়া নিৰ্দেশনা অনুসৰি মাচুল বৃদ্ধি কৰা সন্দৰ্ভত ডাঃ তালুকদৰে কয় যে বিগত 2020 চনতে শেষবাৰৰ ববে মাচুল বৃদ্ধি কৰা হৈছিল ৷ এতিয়া চিকিৎসাৰ লগত জড়িত সকলো ধৰণৰ ব্যয়ত মূল্য বৃদ্ধি হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ব্যক্তিগত খণ্ডৰ চিকিৎসালৰ ব্যয়ৰ জৰীপৰ ভিত্তিত সাধাৰণ ৰাইজৰ অসুবিধা নোহোৱাকৈ তেজৰ পৰীক্ষা, এক্সৰেৰ পৰা আৰম্ভ কৰি পেয়িং কেবিনলৈকে ন্যুনতম পৰিমাণৰ মচুল বৃদ্ধি কৰা হৈছে ৷ 

ইয়াৰ লগতে ডাঃ তালুকদাৰে জনায় যে বেছিভাগ ৰোগীৰে আয়ুষ্মান ভাৰত কাৰ্ড আছে ৷ গতিকে তেওঁলোকে আগতে যিধৰণৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিছিল, সেই সুবিধা এতিয়াও পাব ৷ যিসকলৰ এই কাৰ্ড নাই তেওঁলোকেহে বৰ্ধিত মাচুল ভৰিব লাগিব ৷ প্ৰসংগক্ৰমে ডাঃ তালুকদাৰে সদৰী কৰে যে বৰপেটাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত বৰ্হিঃবিভাগত ৰোগীৰ সংখ্যা যথেষ্ট পৰিমাণত বৃদ্ধি হৈছে ৷ 2020 চনত বহিঃবিভাগত ৰোগীৰ সংখ্যা 1 লাখ 33 হাজাৰ থকাৰ বিপৰীতে 2023 চনত সেই সংখ্যা 2 লাখ 57 হাজাৰলৈ বৃদ্ধি হয় ৷

লগতে পঢ়ক : ৰক্ত পৰীক্ষাৰ মাচুল: চৰকাৰী আৰু বেচৰকাৰী হাস্পতালৰ তুলনাত যথেষ্ট কম এইমছত - Blood test charges

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.