মুখ্যমন্ত্ৰীক চাহে-প’পে খুৱাই অভিভূত ভূপেন হাজৰিকাৰ পৰিয়াল - Assam CM in Sarupathar

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 8:06 PM IST

সৰুপথাৰ, ১৫ ফেব্ৰুৱাৰী : বুধবাৰৰ দিনটো আছিল সৰুপথাৰ বাৰঘৰীয়া গাঁৱৰ দুই স্বামী-স্ত্ৰীৰ বাবে এটা সৌভাগ্যৰ দিন ৷ নাম চিত্ৰলতা শইকীয়া হাজৰিকা আৰু ভূপেন হাজৰিকা ৷ কিয়নো তেওঁলোকৰ দোকানৰ প্ৰথম গ্ৰাহক আছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এই দম্পত্তিটোৰ দোকানলৈ আহি নিজে লৈ চাহ আৰু প’প খাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনকি চাহৰ বাবদ মুখ্যমন্ত্ৰী শৰ্মাই বিক্ৰেতা দম্পত্তিটোক দিলে ৬০০ টকা ৷

উল্লেখ্য যে, ‘‘গাঁও চলো’’ অভিযানৰ অংশস্বৰূপে সৰুপথাৰৰ শ্যাম গাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাৰ শ্যাম গাঁও ভ্ৰমণে শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে আনন্দিত কৰিছিল ৷ কোনোৱে যদি মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বাবে তৈয়াৰ কৰিছিল জলপান, আন কোনোৱে আকৌ তেওঁৰ বাবে তৈয়াৰ কৰিছিল জনজাতীয় খাদ্য ৷ একপ্ৰকাৰে মুখ্যমন্ত্ৰী শৰ্মাক কাষতে পাই আনন্দিত হৈ পৰিছিল সৰুপথাৰৰ শ্যাম গাঁৱৰ প্ৰতিজন লোক ৷

লগতে পঢ়ক : ৰজাপুখুৰী শ্যাম গাঁৱত নিশাৰ আলহী হ’ব মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.