কোন সঁচা কোন মিচা ? অবৈধ সুৰা ব্যৱসায়ী আৰু আৱকাৰী বিষয়াৰ অভিযোগ-প্ৰতিঅভিযোগ - Arunachal liquor seized in Jonai

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 10:32 PM IST

thumbnail
অৰুণাচলী সুৰা জব্দ (ETV Bharat Assam)

জোনাই,২৭ জুলাই: জোনাইত শুকুৰবাৰে সন্ধিয়া আৱকাৰী বিভাগ আৰু অবৈধ অৰুণাচলী সুৰা বিক্ৰেতাৰ মাজত সংঘটিত হয় প্ৰচণ্ড হতাহতি । জোনাই আৱকাৰী বিভাগৰ এটি দলে জোনাইৰ কুলি তিনিআলিস্থিত কেইবাখনো হোটেলত অবৈধ অৰুণাচলী সুৰাৰ বিৰূদ্ধে অভিযান চলোৱাৰ সময়তে অবৈধ অৰুণাচলী সুৰা বিক্ৰেতা আৰু আৱকাৰী বিভাগৰ মাজত হতাহতিৰ সৃষ্টি হয় । অবৈধ অৰুণাচলী সুৰা বিক্ৰেতাসকলৰ ভাষ্য,"জোনাই আৱকাৰী বিভাগৰ একাংশ কৰ্মচাৰীয়ে আগধন হিচাপে নগদ তিনি হাজাৰ টকা লোৱাৰ লগতে প্ৰতিমাহে তেওঁলোকক এহেজাৰ টকাকৈ আদায় দি আহিছো । তৎস্বত্বেও আৱকাৰী বিভাগৰ দলটোৱে একাংশ হোটেলক বাদ দি বাৰে বাৰে আমাৰ হোটেলতে অভিযান চলায় ।"

ইফালে এই অভিযোগক জোনাই আৱকাৰী বিভাগৰ বিষয়া প্ৰদীপ কুমাৰ টুমুঙে নস্যাৎ কৰি কয়,"আমি অবৈধ অৰুণাচলী সুৰাসমূহ জব্দ কৰি লৈ অনাৰ কাৰণে একাংশ অবৈধ অৰুণাচলী সুৰা বিক্ৰেতাই বিভিন্ন গালি-গালাজৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে । এই ঘটনা সন্দৰ্ভত জোনাই থানাত এজাহাৰ দাখিল কৰা হ'ব ।" আনহাতে অঞ্চলটোৰ একাংশ যুৱ সমাজে কুলি তিনিআলিৰ বিভিন্ন হোটেল সমূহত আৱকাৰী বিভাগৰ কমিচনৰ অংকত দীৰ্ঘদিনৰ পৰা অবৈধ অৰুণাচলী সুৰাৰ লগতে চুলাই মদৰ ৰমৰমীয়া বেহা চলি আহিছে বুলি উল্লেখ কৰি অতি শীঘ্ৰে অবৈধ অৰুণাচলী সুৰা আৰু চুলাই মদ বিক্ৰীৰ বন্ধৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: অসমত অৰুণাচলী সুৰাৰ অবৈধ বিক্ৰীক লৈ চিন্তিত চৰকাৰ: অৰুণাচল চৰকাৰৰ সৈতে অসমৰ আলোচনা - Illegal liquor

Liquor seized at Kakopathar :কাকপথাৰত বৃহৎ পৰিমাণৰ সুৰাসহ দুই যুৱক আৰক্ষীৰ জালত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.