অঞ্জন দত্ত ন্যাসৰ জলপানিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পৰা আবেদন আহ্বান - Anjan Dutta Foundation - ANJAN DUTTA FOUNDATION

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 10:39 PM IST

শিৱসাগৰ, 12 জুলাই : শিৱসাগৰত "দ্য অঞ্জন দত্ত ফাউণ্ডেচন"ৰ সংবাদমেল ৷ শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত সংবাদমেল সম্বোধন কৰি ফাউণ্ডেচনৰ মুৰব্বী অংকিতা দত্তই 2024 বৰ্ষৰ অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তিৰ নিয়মাৱলীসমূহ ঘোষণা কৰে ৷  

তেওঁ কয় যে, প্ৰয়াত অঞ্জন দত্তৰ আধৰুৱা সপোন তথা যুৱ সমাজক লৈ থকা চিন্তাবোৰ সম্পূৰ্ণ কৰাই ন্যাসৰ মূল উদ্দেশ্য ৷ বিগত সময়ছোৱাত অঞ্জন দত্ত ন্যাসে ৰাজ্যৰ বিভিন্ন স্থানত আগবঢ়োৱা সেৱাসমূহৰ বিষয়ে সংবাদমেলৰ জৰিয়তে অৱগত কৰে অংকিতা দত্তই ৷ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা,বাণিজ্য আৰু বিজ্ঞান শাখাত 85 শতাংশ বাব তাতোধিক নম্বৰেৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে জলপানিৰ বাবে অবেদন কৰিব পৰিব ৷ ছাত্ৰ-ছাত্ৰীসকল শিৱসাগৰ বিধানসভা সমষ্টিৰ স্থায়ী বাসিন্দা হোৱাটো বাঞ্চনীয় ৷

এই জলপানিৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীয়েহে আবেদন কৰিব পাৰিব ৷ আবেদনকাৰীসকলৰ পৰা মেধাৰ ভিত্তিত 20 গৰাকী ছাত্ৰ-ছাত্ৰীক বাচনি কৰা হব ৷ 20 গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যেকগৰাকীক 7 হাজাৰ টকাকৈ বৃত্তি প্ৰদান কৰা হ’ব ৷ আবেদন প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ 12 আগষ্ট 2024 ধাৰ্য কৰা হৈছে ৷

লগতে পঢ়ক : উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰক নতুন মাত্ৰা দিয়াৰ চেষ্টা এদল উদ্যমী যুৱকৰ - ASSAM START UP

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.