জোনাইত জঘন্য কাণ্ড, ছাত্ৰীক নিৰ্যাতন চলাই পলায়ন উপাধ্যক্ষৰ স্বামীৰ - Sexual harassment

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 7:23 PM IST

thumbnail
জোনাইত জঘন্য কাণ্ড (ETV Bharat Assam)

জোনাই, ৯ ছেপ্টেম্বৰ : জোনাইৰ জুবলি মডেল হাইস্কুল নামৰ এখন ব্যক্তিগত বিদ্যালয়ত সোমবাৰে সংঘটিত হয় ছাত্ৰী নিৰ্যাতনৰ এক জঘন্য ঘটনা । জানিব পৰা মতে, বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিদ্যালয়খনৰ উপাধ্যক্ষৰ স্বামীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

অভিযোগ অনুসৰি, অভিযুক্তই বিদ্যালয়খনৰ চৌহদত থকা তেওঁলোকৰ কোৱাৰ্টাৰলৈ ছাত্ৰীগৰাকীক মাতি নি শাৰীৰিক নিৰ্যাতন চলাবলৈ চেষ্টা কৰে । কিন্তু ছাত্ৰীগৰাকীয়ে খিৰিকীয়েদি জাঁপ দি কোনোমতে ৰক্ষা পৰে।

ঘটনাটোৰ পিচতে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলক এই বিষয়ে অৱগত কৰে । কিন্তু শিক্ষক-শিক্ষয়িত্ৰীসকলে ইয়াক গাপ দিবলৈ চেষ্টা কৰে । ইয়াৰ উপৰি কোনোৱে যদি ঘটনা সন্দৰ্ভত মুখ খোলে তেন্তে বিদ্যালয়খনৰ পৰা উলিয়াই দিয়াৰ ভাবুকি দিয়া বুলিও জানিব পৰা গৈছে ।

ইফালে এই ঘটনা সংঘটিত কৰাৰ পিচতে দুষ্কৃতিকাৰীক বিদ্যালয় কৰ্তৃপক্ষই পত্নীসহ পলায়ন কৰাৰ সুবিধা দিয়াৰ অভিযোগ উঠিছে ৷ ইতিমধ্যে ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :প্ৰেমৰ সম্পৰ্ক থকাটো স্বীকাৰ কৰিছো, যুৱতীগৰাকীৰ স্বাস্থ্যক লৈও ময়ো চিন্তিত : শংকৰজ্যোতি বৰুৱা - Sankor Jyoti Baruah
লগতে পঢ়ক :আৰক্ষীয়ে নোৱাৰিলে ! সংখ্যালঘু সংগঠনেহে আত্মসমৰ্পণ কৰোৱালে ধিঙৰ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তক - Dhing Rape Case

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.