বনকৰা কিশোৰীৰ আত্মহত্যা : বৰা পৰিয়ালে অকথ্য নিৰ্যাতন কৰাৰ অভিযোগ - MYSTERIOUS DEATH IN JORHAT

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 10:19 PM IST

thumbnail
বনকৰা কিশোৰীৰ আত্মহত্যা : বৰা পৰিয়ালে অকথ্য নিৰ্যাতন কৰাৰ অভিযোগ (ETV Bharat Assam)

যোৰহাট, ২৭ জুলাই : যোৰহাটত বনকৰা কিশোৰীৰ সন্দেহজনক আত্মহত্যা ঘটনাৰ নতুন মোৰ ৷ ঘৰত ৰাখি পঢ়াবলৈ নি বন্দনাই কিশোৰীক অকথ্য গালি-গালাজ আৰু মাৰধৰ কৰাৰ অভিযোগ ৷ পূৰ্বতেও আন এগৰাকী কিশোৰীক বনকৰা হিচাপে ৰাখিছিল বৰা দম্পতীয়ে ।

যোৰহাটৰ সূৰুজ নগৰৰ এঘৰত থকা এগৰাকী ১৪ বছৰীয়া বনকৰা কিশোৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই লৈছে নতুন মোৰ ৷ সোণোৱাল চাহ বাগিচাৰ কিশোৰীগৰাকী এবছৰৰ পৰা বনকৰা হিচাপে আছিল বন্দনা কলিতা বৰা আৰু ত্ৰিনয়ন বৰাৰ ঘৰত ৷ সোমবাৰে কিশোৰীগৰাকীয়ে মাতৃলৈ ফোন কৰি ঘৰলৈ লৈ যোৱাৰ কথা কোৱাৰ পিচতেই কিশোৰীগৰাকীয়ে আত্মহত্যা কৰে ।

জানিব পৰা মতে বন্দনা কলিতা বৰা আৰু ত্ৰিনয়ন বৰাই মৰিয়নী নিউ সোণোৱালৰ আন এগৰাকী কিশোৰীকো বনকৰা হিচাবে ৰাখিছিল । এক সপ্তাহ থকাৰ পিচতে সেই কিশোৰীগৰাকী নিজ ঘৰলৈ গুচি যায় ৷ অভিযোগ অনুসৰি আত্মহত্যা কৰা কিশোৰীগৰাকীক সৰু সৰু কথাতেই মাৰধৰ কৰিছিল ।

ইতিমধ্যে যোৰহাট সদৰ আৰক্ষীয়ে বন্দনা কলিতা বৰা আৰু ত্ৰিনয়ন বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক : শ্ৰম আইন মোহাৰি 14 বছৰীয়া কিশোৰীক ৰাখিছিল বনকৰা হিচাপে : ৰহস্যজনক মৃত্যুৱেহে লগালে অথন্তৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.