নাবালিকা ধৰ্ষণৰ অপচেষ্টা: গ্ৰেপ্তাৰ দুই অভিযুক্ত - Attempt To Rape

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 9:40 PM IST

thumbnail
নাবালিকা ধৰ্ষণৰ অপচেষ্টা (Etv Bharat Assam)

তিনিচুকীয়া, ৩০ আগষ্ট: ৰাজ্যত ধিঙৰ ধৰ্ষণকাণ্ডৰ প্ৰতিক্ৰিয়া অব্য়াহত থকাৰ মাজতেই এইবাৰ শদিয়াত সংঘটিত হৈছে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ ঘটনা । প্ৰেমৰ চলনাৰে এগৰাকী নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আটছাই ৷ ইতিমধ্যে নাবালিকাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্তক ৷

আৰক্ষীয়ে প্ৰথমে গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত চাজিদুল আলীক । পলাতক হৈ আছিল আন এটা অভিযুক্ত ৷ অভিযুক্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছিল আটছাই। পৰৱৰ্তী সময়ত শদিয়া আৰক্ষীয়ে আব্দুল ৰজক নামৰ আনজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । যুৱকজনৰ ঘৰ অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলী জিলাৰ সৰু ঝিয়া গাঁৱত আৰু চাজিদুল আলীৰ ঘৰ শদিয়াৰ ঘোঁৰামৰা গাঁৱত ।  

ইফালে, শদিয়াত জনজাতিৰ বাবে সংৰক্ষিত স্থানত বৰপেটাৰ সন্দেজনক মিঞাই আহি কেনেদৰে মাটি ক্ৰয় কৰি ঘৰ সাজিব পাৰিলে বুলি সৰৱ হৈ পৰিছে স্থানীয় আটছা নেতা ৷ আটছাই এইক্ষেত্ৰত উচিত তদন্ত কৰি মাটি কিনা-বেচাত জড়িত থকা প্ৰতিগৰাকী ব্যক্তিক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৷ লগতে শদিয়াখনক পুনৰ শান্ত কৰি তুলিবলৈ আৰু এনেধৰণৰ দুষ্টচক্ৰক টালি-টোপোলাৰে উৎখাত কৰিবলৈ সকলোকে আহ্বান জনাইছে আটছাই ।  

লগতে পঢ়ক:নিৰ্লজ্জ: গোৱালপাৰাত 55 ঊৰ্ধৰ দুই বৃদ্ধৰ কামনাৰ বলি হ’ল দুই কিশোৰী - Goalpara Rape case

কিশোৰীক যৌন আতিশয্য চলাই আৰক্ষীৰ জালত পৰিল লম্পট - Sexual assaulting

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.