ETV Bharat / state

নাৱৰ পৰা গুৰিয়াই মনোজক নদীত পোলোৱা অমৃশ ক'ত লুকাল ? - DIBRU RIVER BOAT CAPSIZED INCIDENT

প্ৰহাৰ কৰি নাৱত উঠিবলৈ বাধা দিয়া ব্যক্তিক বিচাৰি দধীয়াত আৰক্ষীৰ অভিযান । দোষীক আটক কৰি উচিত শাস্তি দিয়াৰ দাবীত দধীয়াৰ নাও বন্ধ ঘোষণা ।

Tinsukia boat accident, police operation in search of accused
মানবীয়তাক আঘাত হনা দুৰ্বৃত্তৰ সন্ধানত আৰক্ষী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 7:00 PM IST

তিনিচুকীয়া: দিনজান ঘাটত দেওবাৰে নাৱত উঠি জীৱন ৰক্ষা কৰিব বিচৰাৰ সময়ত গোৰ মাৰি পুনৰ পানীত পেলাই দিয়া মনোজ প্ৰায়াক তৃতীয় দিনাও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই এছ ডি আৰ এফ ।

একে সময়তে গোৰ মাৰি নাৱত উঠিবলৈ বাধা দিয়া দধীয়াৰ অমৃশ মিপুনৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান । লগতে উক্ত নাও দুৰ্ঘটনাত থকা দধীয়াৰ আৰোহীসকলৰ কাষলৈ গৈ সোধাপোচা কৰে তিনিচুকীয়া আৰক্ষীয়ে ।

মানবীয়তাক আঘাত হনা দুৰ্বৃত্তৰ সন্ধানত আৰক্ষী (ETV Bharat Assam)

মঙলবাৰে তিনিচুকীয়া জিলাৰ উপ-আৰক্ষী অধীক্ষক আৰু পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে নাৱেৰে দধীয়ালৈ যাত্ৰা কৰাৰ লগতে অভিযুক্তক আটক কৰিবলৈ চলাই ব্যাপক অভিযান । উক্ত অভিযানৰ সময়ত দধীয়াৰ অভিযুক্ত অমৃশ মিপুনৰ বাসগৃহলৈ আৰক্ষী গৈছিল যদিও অভিযুক্তজন ঘৰত উপস্থিত নাছিল বুলি জানিবলৈ দিয়ে স্থানীয় লোকে । ইফালে, উক্ত ঘটনাত জড়িত সকলক অতি সোনকালে কৰায়ত্ত কৰিবলৈ দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই আহ্বান ।

তাৰ সমান্তৰালভাৱে দোষীক আটক নকৰা পৰ্যন্ত দধীয়াৰ পৰা অহা সকলো নাও গুইজান ঘাটত বন্ধ ঘোষণা কৰে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় লোকে । আনহাতে দধীয়াবাসীক পুনৰ সংস্থাপন দাবী সমিতিৰ সম্পাদক নিতুন পামেগামে এইক্ষেত্ৰত দধীয়াবাসীয়ে আৰক্ষীক পূৰ্ণ সমৰ্থন জনোৱাৰ লগতে অভিযুক্ত অমৃশ মিপুনক আটক কৰিবলৈ গাঁওৰক্ষী বাহিনী, গাঁওপ্ৰধান তথা দধীয়াবাসীক ওলাই আহি আৰক্ষীক সহায় কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: দিনজান ঘাটত নাও দুৰ্ঘটনা; উদ্ধাৰকাৰী মনোজ পানীত ডুবিল কেনেকৈ ?

প্ৰাণ বচাওতাজনকেই ঠেলি দিলে নদীৰ বুকুলৈ: এতিয়াও উদ্ধাৰ হোৱা নাই সন্ধানহীন মনোজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.