thumbnail

সাৱধান ! চৰকাৰী চিকিৎসালয়ৰ ফাৰ্মাচীষ্টে ৰোগীক যোগান ধৰিছে ম্যাদ উকলা ঔষধ - Selling expired tablets

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 1:12 PM IST

শিলচৰ, 11 জুলাই : সাৱধান ! জীৱনদায়িনী ঔষধেই প্ৰাণ কাঢ়িব পাৰে আপোনাৰ ! কিয়নো চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা কৰ্মীয়ে এইবাৰ ৰোগীক যোগান ধৰিছে ম্যাদ উকলা ঔষধ ৷ সেয়ে যিকোনো ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰোতে কিছু সাৱধান হওক আপুনিও ৷

ঘটনাৰ বিৱৰণি অনুসৰি, চকুৰ সমস্যাত ভোগাৰ বাবে কাছাৰৰ বাঁশকান্দি প্ৰাথমিক চিকিৎসালয়লৈ আহিছিল আক্তাৰা বেগম নামৰ এগৰাকী মহিলা ৷ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত মহিলাগৰাকীক তিনিটা ঔষধ দিয়ে চিকিৎসকে ৷ তেতিয়া মহিলাগৰাকীয়ে ঔষধ ক্ৰয় কৰিবলৈ হাস্পতালৰে ফাৰ্মাচীলৈ যায় ৷ কিন্তু ফাৰ্মাচীষ্টজনে দুটা ঔষধ উপলব্ধ নোহোৱাত এটা ঔষধকে দিয়ে মহিলাগৰাকীক ৷ ইমানখিনিলৈ সকলো ঠিকেই আছিল ৷

কিন্তু মহিলাগৰাকীয়ে ঘৰ যোৱাৰ পাচতহে ওলাই পৰে উৰহী গছৰ ওৰ ৷ কিয়নো মহিলাগৰাকীক হাস্পতালৰ ফাৰ্মাচীষ্টজনে দিয়া ঔষধৰ ম্যাদ উকলি গৈছিল 2023 চনৰ ডিচেম্বৰ মাহতেই । এই ঘটনা পোহৰলৈ অহাৰ পাচতে ক্ষোভিত হৈ পৰে মহিলাগৰাকীৰ আত্মীয় ৷ বাঁশকান্দি প্ৰাথমিক চিকিৎসালয়ৰ এনে কাণ্ডৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ লোকে বিভাগীয় বিষয়াক ঘটনা সন্দৰ্ভত তদন্ত কৰি শীঘ্ৰেই দোষীক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

লগতে পঢ়ক : ধ্যাহ্ন ভোজনত ম্যাদ উকলা বিস্কুট ! অসুস্থ ছাত্ৰ-ছাত্ৰী - mid day meal

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.