কটকটীয়া নিৰাপত্তা বেহু ওফৰাই চৰাইদেউত AJYCP ৰ কা বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ - Anti CAA Protest

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 3:53 PM IST

ডিব্ৰুগড়, 5 মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি পুনৰ নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে মাৰ্চ মাহৰ পৰা সমগ্ৰ দেশত কা বলৱৎ হ'ব বুলি ঘোষণা কৰাৰ পিচত ৰাজ্যত মূৰ দাঙি উঠিছে কা বিৰোধী প্ৰতিবাদ ।

নাগৰিকত্ব সংশোধনী আইন কেতিয়াও মানি লোৱা নহ'ব বুলি ইতিমধ্যেই ঘোষণা কৰিছে দল-সংগঠনে । ইয়াৰ মাজতে আজি (মঙলবাৰ) অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কা বিৰোধী প্ৰতিবাদত উত্তাল হ'ল চৰাইদেউ । কটকটীয়া নিৰাপত্তা বেহু ওফৰাই চৰাইদেউত যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ ।

কা বিৰোধী শ্ল’গান দি সোণাৰিত ঘেৰাও কৰিলে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয় চৌহদ । নাগৰিকত্ব সংশোধনী আইন কেতিয়াও মানি লোৱা নহ'ব বুলি হুংকাৰ সংগঠনটোৰ নেতা কৰ্মীসকলৰ ।

উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীক লৈ পুৱাৰে পৰা আৰক্ষীয়ে চৰাইদেউৰ সোণাৰিত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছিল । কিন্তু প্ৰশাসনৰ বাধা নেওচিও সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ ।

লগতে পঢ়ক : কা নামানো শ্ল'গানেৰে উত্তাল নগাঁও; সষ্টম আৰক্ষী 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.