ধিংকাণ্ডৰ অভিযুক্তৰ মৃত্যুদণ্ড দিনৰ পোহৰত হ'ব লাগে : পলাশ চাংমাই - Dhing rape case

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 7:35 PM IST

thumbnail
ধিংকাণ্ডৰ অভিযুক্তৰ মৃত্যুদণ্ড দিনৰ পোহৰত হ'ব লাগে : পলাশ চাংমাই (ETV Bharat Assam)

চামগুৰি, 24 আগষ্ট : ‘‘ধিঙত সংঘটিত ঘটনা অতি নিন্দনীয় ৷ ইয়াক ভাষাৰে গৰিহনা দি শেষ কৰিব নোৱাৰি ৷ ৰাতিৰ ভিতৰত অভিযুক্তৰ মৃত্যু হোৱাটো বিচৰা নাছিলো ৷ আটাইকেইটা অভিযুক্ত দিনৰ পোহৰত মৃত্যুদণ্ড হোৱাটো বিচাৰো ।’’ ধিঙৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) সভাপতি পলাশ চাংমায়ে ৷

উল্লেখ্য যে, ধিঙৰ কিশোৰী ধৰ্ষণক লৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়ত শনিবাৰে নগাঁৱত উপস্থিত হয় AJYCP ৰ সভাপতি পলাশ চাংমাই । নগাঁৱত উপস্থিত হৈ চাংমায়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি পুখুৰীত জঁপিয়াই মৃত্যু হোৱা ধিংকাণ্ডৰ অভিযুক্ত সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে ৷ লগতে ফাষ্ট্ৰেক আদালতৰ জৰিয়তে গোটেই ঘটনাটো বিচাৰ কৰি দোষীক মৃত্যুদণ্ড দিয়াৰ দাবী উত্থাপন কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ  সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক : জানাজা নিদিয়ে, ৰাজহুৱা কবৰস্থানতো ঠাই নিদিয়ে; ধিং-কাণ্ডৰ অভিযুক্তৰ ওপৰত গাঁওবাসীৰ কঠোৰ সিদ্ধান্ত - Dhing rape case

লগতে পঢ়ক : অসমত এতিয়া আইন-শৃংখলা বুলি একো নাই, গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ : আছুৰ সভাপতি - Dhing rape case

লগতে পঢ়ক : নাৰীৰ সুৰক্ষা বাবে কি কি পদক্ষেপ লৈছে বিজেপি চৰকাৰে ? তথ্য বিচাৰিছে কংগ্ৰেছে - Women Safety in Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.