দেৰগাঁৱত কাৰ বাৰীত পকা অমিতা খালে মন্ত্ৰী বৰাই ? - Minister Atul Bora

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 10:57 PM IST

thumbnail
কৃষক উৎপাদক কোম্পানীৰ কাৰ্যালয় মুকলি অতুল বৰাৰ (ETV Bharat Assam)

গোলাঘাট, ১৪ ছেপ্টেম্বৰ : শনিবাৰে দেৰগাঁৱৰ নিৰ্কতৱতী দিচৈ চাৰিআলিত কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত হৈ ‘সম্প্ৰীতি কৃষক উৎপাদক কোম্পানী’ নামৰ মহিলা গোটৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে ৷ কাৰ্যালয় উদ্ধোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যোৰহাটত এপাৰ্ট'ৰ জৰিয়তে উজনি অসমভিত্তিত কৃষক উৎপাদন কোম্পানী সন্মিলন অনুষ্ঠিত হৈ আছে । য’ত উজনি অসমৰ ১১ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ৷

উল্লেখ্য যে কৃষিমন্ত্ৰীগৰাকীয়ে কাৰ্যালয় মুকলি কৰা ‘সম্প্ৰীতি কৃষক উৎপাদক কোম্পানী’ত ৫০০ গৰাকী মহিলা জড়িত হৈ আছে ৷ মুঠ তেৰ বিঘা মাটিত ৬ লাখ টকা বিনিয়োগ কৰি প্ৰায় ৫০ লাখ টকা উপাৰ্জন কৰিব বুলি আশা কৰা হৈছে ৷ এইক্ষেত্ৰত বিভাগীয় যি সুবিধা লাগে আগবঢ়াবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে অতুল বৰাই ৷

লগতে পঢ়ক : সোণাপুৰৰ ঘটনাৰ বাবে বিৰোধী দলক দোষাৰোপ অতুল বৰাৰ

চৰহা লগা ধাননিত মন্ত্ৰী অতুল বৰা

যি ধৰ্মৰে নহওক, বাংলাদেশীৰ বোজা কোনো কাৰণতে অসমে গ্ৰহণ কৰিব নোৱাৰে : দৃঢ় মন্ত্রী অতুল বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.