সংক্ৰমণ বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ : গাহৰি পালকৰ মাজত হাহাকাৰ - African swine fever

By ETV Bharat Assamese Team

Published : May 31, 2024, 8:21 PM IST

thumbnail
নাগিনীজান চাহ বাগিচাত আফ্ৰিকান ছুৱাই ফিভাৰ (ETV Bharat Assam)

যোৰহাট, 31 মে’: মৰিয়নীৰ নাগিনীজান চাহ বাগিচাৰ ৯নং লাইনত ধৰা পৰিল আফ্ৰিকান ছোৱাইন ফিভাৰ ৷ ইয়াৰ পিচতে চাহ বাগিচাখনৰ ৯নং লাইনক আফ্ৰিকান ছোৱাইন ফিভাৰৰ কেন্দ্ৰবিন্দু হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে নাগিনীজান চাহ বাগিচাৰ গাহৰিৰ বেচা-কিনা ৷ চাহ বাগিচাখনৰ ৯ নং লাইনৰ পৰা ১০ কিলোমিটাৰ পৰ্যন্ত এই নিৰ্দেশনা কাৰ্যকৰী হ'ব ।

এই সন্দৰ্ভত যোৰহাট জিলা আয়ুক্ত পুলক মহন্তই পশু আইন-২০০৯ ৰ ধাৰা ৬(১) ৰ সংক্ৰামক আৰু সংক্ৰামিত ৰোগৰ প্ৰতিৰোধ নিয়ন্ত্ৰণৰ অধীনত জাৰি কৰিছে এক অধিসূচনা ৷ উল্লেখ্য যে যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নী বিধানসভা সমষ্টিৰ নাগিনীজান চাহ বাগিচাত ভয়ংকৰ ৰূপত ছানি ধৰিছে আফ্ৰিকান ছোৱাইন ফিভাৰ ভাইৰাছে । ফলত চাহ বাগিচাখনত এই মুহূৰ্তলৈকে বহুকেইটা গাহৰি মৃত্যুমুখত পৰিছে ।

ইফালে গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰাৰ ফলত নিজৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰিছে গাহৰি পালকসকলৰ ৷

লগতে পঢ়ক: মৰিয়নীত ছোৱাইন ফ্লুৰ আতংক, গাহৰি ক্ৰয় তথা বিক্ৰীত নিষেধাজ্ঞা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.