ঋণ দিয়াৰ নামত প্ৰৱঞ্চনা, অভিযুক্তক গ্ৰেপ্তাৰ - Fraudsters Arrested In Golaghat
🎬 Watch Now: Feature Video
Published : Mar 19, 2024, 9:39 PM IST
গোলাঘাট,১৯ মাৰ্চ: গোলাঘাটত গ্ৰেপ্তাৰ অভিজিৎ বৰা নামৰ এটা প্ৰবঞ্চক । মাজুলী আৰক্ষীৰ গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে অভিজিত বৰাক আটক কৰি মঙলবাৰে চমজাই দিয়ে মাজুলী আৰক্ষীক । অভিযোগ অনুসৰি মাজুলী জিলাৰ ৮ গৰাকী কৃষকক ঔদ্যোগিক ঋণ দিয়াৰ নামত প্ৰায় ৫ লক্ষাধিক টকাৰ প্ৰবঞ্চনাৰে সৰকাইছিল গোলাঘাটৰ অভিজিৎ বৰা নামৰ প্ৰৱঞ্চকটোৱে । এই সম্পৰ্কত মাজুলীৰ গড়মূৰ আৰক্ষী থানাত গোলাঘাট পাঁচআলিৰ অভিজিৎ বৰাৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ এক গোচৰ ৰুজু হৈছিল । গড়মুৰ থানাত 9/24 u/s 120B/406/41/420/468 নম্বৰৰ গোচৰ ৰুজু হৈছিল ।
এই গোচৰৰ ভিত্তিত সোমবাৰে নিশা মাজুলী গড়মূৰ আৰক্ষীৰ অনুৰোধ মৰ্মে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰৱঞ্চক অভিজিৎ বৰাক আৰু তাৰ পাচত মাজুলী গড়মূৰ আৰক্ষী থানাৰ এটা দল গোলাঘাটত উপস্থিত হৈ অভিজিৎ বৰাক গ্ৰেপ্তাৰ কৰি মাজুলীলৈ লৈ যায় । উল্লেখ্য এই অভিজিৎ বৰাই পুৰ্বতেও বিভিন্ন লোকক প্ৰবঞ্চনাৰে ধন লুটি ৰঙাঘৰৰ ভাত খাবলগীয়া হৈছিল । ইয়াৰ উপৰিও নিজৰ হোটেলৰ কৰ্মচাৰীক দৰমহা আদায় নিদিয়াৰ বাবে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল হোটেলৰ কৰ্মচাৰীয়ে ।
লগতে পঢ়ক: তেজপুৰ কাৰাগাৰৰ পৰা তিনি কয়েদীৰ পলায়ন