thumbnail

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 7:50 PM IST

Updated : Mar 6, 2024, 8:01 PM IST

ETV Bharat / Videos

সৰুপথাৰৰ পৰা পানীখাইতিলৈ অনা হ'ল অভিমন্যুক

সৰুপথাৰ,৬ মাৰ্চ: সৰুপথাৰত নাটকীয়াভাৱে গ্ৰেপ্তাৰ হোৱা অভিমন্যু দাসসহ ৫ জনীয়া দলটোক বুধবাৰে পুনৰ ধনশিৰি মহকুমাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে আৰক্ষীয়ে । সৰুপথাৰত গ্ৰেপ্তাৰ হোৱা অভিমন্যু দাসক দুদিনৰ বাবে জিম্মাত লৈছিল সৰুপথাৰ আৰক্ষীয়ে । চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কথা আছিল যদিও পানীখাইতি থানাত ৰুজু হৈ থকা গোচৰৰ অভিযোগত সৰুপথাৰৰ পৰা পানীখাইতি আৰক্ষীয়ে নিজৰ জিম্মাত লয় ।  

উল্লেখ্য যে সোমবাৰে অভিমন্যুসহ ৫ জনীয়া দলটোক স্বাস্থ্য পৰীক্ষা কৰি ধনশিৰি মহকুমাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত আৰক্ষীয়ে বিয়লিৰ সময়ত হাজিৰ কৰাইছিল । ৪ দিনৰ বাবে জিম্মাত বিচাৰি সৰুপথাৰ আৰক্ষীয়ে আদালতত আবেদন কৰিছিল । পিছে দুদিনৰ জিম্মাত দিয়াৰ পাচত বুধবাৰে পানীখাইতি আৰক্ষীয়ে নিজৰ জিম্মাত লয় অভিমন্যু দাসক ৷ আনহাতে বাকী চাৰিজনক প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ ।

লগতে পঢ়ক: ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ গোচৰ: দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ অভিমন্যুসহ ৫ দুৰ্বৃত্ত

Last Updated : Mar 6, 2024, 8:01 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.