ডিব্ৰুগড়ৰ চাহ বাগিচাত জ্বলিল বিজেপিৰ সভাপতি-মুখ্যমন্ত্রীৰ পুত্তলিকা - CM Effigy Burned
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-03-2024/640-480-20905680-thumbnail-16x9-moran.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Mar 4, 2024, 10:22 PM IST
ডিব্ৰুগড়, 4 মাৰ্চ : লোকসভা নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে ব্যাপকভাৱে দলীয় সাংগঠনিক কাম-কাজ আগুৱাই নিছে ৷ তেনে সময়তে আজি ডিব্ৰুগড়ৰ চাহ বাগিচাত জ্বলিল ৰাজ্যিক বিজেপিৰ সভাপতি আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা ৷ চাহ জনগোষ্ঠীয় সংগঠনে জ্বলালে দুয়োজন নেতাৰ প্ৰতিকৃতি ৷
বিগত 10 বছৰ ধৰি চাহ জনগোষ্ঠীয় প্ৰাৰ্থী তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্বত থকা ৰামেশ্বৰ তেলীয়ে জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ নকৰা বুলি অভিযোগ কৰি ক্ষোভিত হৈ পৰিছিল চাহ শ্ৰমিক ৰাইজ ৷ সেয়েহে ৰামেশ্বৰ তেলীৰ পৰিৱৰ্তে অন্য এজন চাহ জনগোষ্ঠীয় প্ৰাৰ্থীক আগন্তুক লোকসভা নিৰ্বাচনত প্ৰক্ষেপ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছিল অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৷
কিন্তু শাসকীয় দল বিজেপিয়ে চাহ জনগোষ্ঠীৰ নেতাৰ পৰিবৰ্তে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ পাচতে ক্ষোভিত হৈ পৰিছে চাহ জনজাতি ছাত্ৰ সন্থা ৷ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় সমষ্টিৰ টিকট প্ৰদান কৰাত অসন্তুষ্টি ব্যক্ত কৰিছে চাহ জনগোষ্ঠীয় ৰাইজে ৷ যাৰ প্ৰতিবাদত আজি জামিৰা চাহ বাগিচাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চাহ জনজাতিৰ ছাত্ৰ সন্থাৰ নেতা-কৰ্মী সকলে ৷
লগতে পঢ়ক : লোকসভা নিৰ্বাচনক লৈ ডিব্ৰুগড় সমষ্টিৰ ৰাইজৰ মনৰ কথা