দেশজুৰি বলৱৎ হ’ল 'কা' : মঙলবাৰে উচ্চতম ন্যায়ালয়ত আছুৱে দাখিল কৰিব স্থগিতাদেশৰ আবেদন - AASU GS on CAA Implementation
🎬 Watch Now: Feature Video


Published : Mar 11, 2024, 10:55 PM IST
তিনিচুকীয়া, 11 মাৰ্চ : নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱাৰ পাচতে আইনী যুঁজৰ বাবে সাজু সদৌ অসম ছাত্ৰ সন্থা ৷ মঙলবাৰে উচ্চতম ন্যায়ালয়ত আছুৱে দাখিল কৰিব 'কা'ৰ নিয়মাৱলীৰ বিৰুদ্ধে প্ৰথমখন স্থগিতাদেশৰ আবেদন ৷ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আজি সন্ধিয়া তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ৰাওনা হোৱাৰ লগতে, মঙলবাৰে পুৱাই সংগঠনটোৰ সভাপতি উৎপল শৰ্মাৰ সৈতে উৰা মাৰিব দিল্লীলৈ ৷
ইয়াৰ সমান্তৰালভাৱে মঙলবাৰৰ পৰা (নাগৰিকত্ব) সংশোধনী আইন- 2019 বিৰোধী ৰাজপথৰ আন্দোলনো তীব্ৰতৰ হ’ব বুলি মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ 'কা' বলৱৎ হোৱাৰ লগে লগে আজি প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই এই আইনৰ প্ৰতিলিপি দাহ কৰিছে বুলি সদৰী কৰে আছুৰ সাধাৰণ সম্পাদকজনে ৷ মঙলবাৰে প্ৰতিখন জিলা ছাত্ৰ সন্থাই, জিলা সদৰত 30 জনগোষ্ঠীয় সংগঠনৰ সহযোগত 'কা'ৰ বিৰুদ্ধে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে আছু নেতাজনে ৷
লগতে পঢ়ক : ৰাজপথৰ সমান্তৰালভাৱে ন্যায়ালয়তো অব্যাহত থাকিব কা বিৰোধী যুঁজ: আছু