আম আদমী পাৰ্টীৰ ৰণডংকা

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 2:26 PM IST

thumbnail

মৰাণ, 5 মাৰ্চ : ৰাজ্যত লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত কৰা হৈছে শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰ । বিজেপিৰ বিৰুদ্ধে ৰাজ্যত গঠন হোৱা বিৰোধী ঐক্যত অন্তৰ্ভুক্ত দলসমূহেও সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক কাম-কাজ কৰাত ব্যস্ত হৈ পৰিছে ৷  ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি আৰু আপে প্ৰাৰ্থিত্ব ঘোষণা কৰা পাচতেই তুংগত উঠিছে প্ৰচাৰ অভিযান । 

অসমতো কেজৰিৱাল শ্লোগানেৰে প্ৰচাৰ কৰিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে । আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ চাবুৱা-ডিকমৰ লগতে বিভিন্ন প্ৰান্তত ব্যাপক নিৰ্বাচনী প্ৰচাৰ কৰিছে । এই কাৰ্যসূচীত আপৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জেছমিন শ্বাহে অংশগ্ৰহণ কৰি বিজেপি দল আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰে । লগতে আপে অসমৰ যি তিনিখন আসনত প্ৰাৰ্থিত্ব দিছে তাক লৈ অসমৰ ৰাইজ উৎফুল্লিত বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : গোগামুখত সৰ্বভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান মুকলি কেন্দ্ৰীয় কৃষিমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.