thumbnail

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 9:11 PM IST

ETV Bharat / Videos

বনকৰ্মীৰ গুলীত নিহত দুই ভাতৃ : ঘটনাক লৈ প্ৰতিক্ৰিয়া আ‌মছুৰ - Forest Department Encounter

ধুবুৰী, 22 জুন : মাছমৰীয়াৰ সন্দেহত লাওখোৱাৰ বনকৰ্মীয়ে চলোৱা গুলীত দুই ভাতৃৰ মৃত্যু হোৱাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া আ‌মছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিমৰ ৷ এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা জনাই আ‌মছুৱে ৷ এনেদৰে মানুহ গুলীয়াই হত্যা কৰাৰ অধিকাৰ বন বিভাগে ক’ত পালে বুলি প্ৰশ্ন কৰে তেওঁ ৷  

তেওঁ কয় যে, কোনোবাই যদি দোষ কৰিছে তাৰ শাস্তি আইনে দিব, কিন্তু এইদৰে গুলীয়াই হত্যা কৰাৰ অধিকাৰ ক’ত পালে ৷ বন বিভাগক এইদৰে মানুহ দেখিলেই গুলীয়াই হত্যা কৰাৰ লাইচেন্স দিয়া হৈছে নেকি বুলি প্ৰশ্ন কৰে আমছুৰ সভাপতিজনে ৷ নেতাজনে লগতে এই ঘটনাক আমছুৱে সহজভাৱে মানি নলয় বুলি উল্লেখ কৰে ৷ যিজন বন বিষয়াৰ নেতৃত্বত এই ঘটনা সংঘটিত হয় তেওঁক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনাই সংগঠনটোৱে ৷ অন্যথা নগাঁৱত আমছুৱে প্ৰৱল প্ৰতিবাদ গঢ়ি তুলিব বুলি সকীয়াই দিয়ে তেওঁ ৷

লগতে পঢ়ক : হত্যাৰ অভিযোগত অভিযুক্ত লাওখোৱা বন বিভাগ: বিধায়ক নুৰুল হুদা - Forest Department Encounter

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.