বিধ্বংসী অগ্নিকাণ্ডত মুহূৰ্ততে নিঃশেষ এটা বাসগৃহ - Fire break out

By ETV Bharat Assamese Team

Published : May 16, 2024, 8:26 PM IST

thumbnail
নিমিষতে জ্বলি ছাই হৈ গ’ল সপোনৰ ঘৰখন (ETV BHARAT ASSAM)

মৰাণ, 16 মে’: দিন দুপৰতে ডিব্ৰুগড় চহৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে ৷ চহৰখনৰ শান্তিপাৰা বাঁহবাৰীত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডত বাচ্চু মিত্ৰ নামৰ এজন লোকৰ বাসগৃহ ভষ্মীভূত হয় ৷ 

ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, ঘৰত অকস্মাতে অগ্নিৰ সূত্ৰপাত হোৱাত সম্পূৰ্ণ গৃহটো নিমিষতে ছাৰখাৰ হৈ পৰে ৷ অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও কেইবা লাখ টকাৰ সম্পত্তিসহ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জুইত জাহ যায় ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে অগ্নিনিৰ্বাপক বাহিনীয়ে স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় ৷ এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ ঘটনা সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰখা হৈছে ৷ 

লগতে পঢ়ক: ন-বোৱাৰীক হত্যাৰ অভিযোগ; চিতাৰ পৰা উঠাই নিলে আধাজ্বলা মৃতদেহ - Murder for dowry

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.