ঘৰৰ চোতালৰ পানীত ডুবি মৃত্যু 9 মহীয়া শিশুৰ - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 10:41 PM IST

thumbnail
ঘৰৰ চোতালৰ পানীত ডুবি মৃত্যু 9 মহীয়া শিশুৰ (ETV Bharat Assam)

যোৰহাট, 12 জুলাই: ৰাজ্যত পুনৰ বানে কাঢ়িলে এটি শিশুৰ জীৱন ৷ পূৰ্বতকৈ ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ অন্ত হোৱা নাই ৷ 

ঘৰৰ চোতালত আৱদ্ধ হৈ থকা পানীত বুৰ গৈ যোৰহাটৰ টীয়কত মৃত্যু ঘটিল এটি 9 মহীয়া শিশুৰ ৷ জিলাখনৰ 1 নং কাৱৈমাৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা । ঘটনাৰ বিৱৰণি অনুসৰি শুকুৰবাৰে টীয়কৰ কাৱৈমাৰী শ্ৰীমন্ত বনিয়াৰ 9 মহীয়া সন্তানটোৰ সৈতে মাকে ঘৰত শুই আছিল ৷ কিন্তু হঠাৎ মাকৰ কোলাৰ পৰা শিশুটি বাহিৰলৈ ওলাই আহি ঘৰৰ চোতালত আৱদ্ধ হৈ থকা পানীত ডুবি কৰুণভাবে মৃত্যুক আকোঁৱালি লয় । 

জানিব পৰা মতে, 9 মহীয়া শিশুটিক হাস্পতাললৈ লৈ যাবলৈও পৰিয়ালৰ লোকে এম্বুলেঞ্চ বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷

লগতে পঢ়ক: দুৰ্বল কাঠৰ দলঙৰ পৰা পৰি স্কুটীসহ যুৱতী সন্ধানহীন - GIRL GOES MISSING IN RIVER

সাৰে আছেনে চৰকাৰ-প্ৰশাসন ? আৰু কিমানজন অবিনাশক হেৰুৱাব লাগিব ? - DRAINAGE SYSTEM OF GUWAHATI

গা-ধুবলৈ গৈ অকাল মৃত্যু দুই সমনীয়া ৰোহিত আৰু ধীমানজ্যোতিৰ - Two minors died

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.