কাছাৰত বহু কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী - Anti Drug mission

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 10:56 PM IST

thumbnail
কাছাৰত কোটি কোটি টকাৰ ড্ৰাগছ জব্দ (ETV Bharat Assam)

শিলচৰ, ২৮ জুন : কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ৷ কাটিগড়া আৰু শালচাপৰাত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে 2 কেজি 400 গ্ৰাম সন্দেহজনক হেৰ’ইন ৷ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে 5 জনকৈ সৰবৰাহকাৰীক ৷

আৰক্ষীকে প্ৰথমতে শালচাপৰাত অভিযান চলাই এখন চাৰিচকীয়া বাহনৰ পৰা চাবোনৰ 50 টা বাকচত 561 গ্ৰাম হেৰ’ইন জব্দ কৰে ৷ লগতে গ্ৰেপ্তাৰ কৰা হৈছে কালাইন নাতানপুৰৰ আফজল হুছেইন, কাটিগড়া কালীনগৰৰ আক্তাৰ হুছেইনক ৷

তাৰ পিচতে কালাইনৰ দিগৰখালত আন এটা অভিযান চলাই এখন ট্ৰাকৰ পৰা 150 টাকৈ বাকচত 1 কেজি 881 গ্ৰাম হেৰ’ইন জব্দ কৰে ৷ আৰক্ষীয়ে মণিপুৰৰ ৰাম মাইয়াং, মাণগেলালা আৰু বিহাৰৰ আৰবিল কুমাৰ নামৰ তিনিজন সৰবাৰহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে ৷ দুয়োটা অভিযানত জব্দকৃত ড্ৰাগছসমূহৰ বজাৰ মূল্য বহু কোটি টকা ৷ কেৱল কাছাৰৰ দিগৰখালতেই জব্দ হোৱা হেৰ’ইনখিনিৰ বজাৰ মূল্য ৯ কোটিৰ অধিক হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক: 7 কোটি টকাৰ হেৰ’ইনসহ আৰক্ষীৰ জালত এটা সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.