বৰপেটা পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কৰ্মবিৰতি - strike at Barpeta Polytechnic
🎬 Watch Now: Feature Video
Published : Mar 4, 2024, 3:09 PM IST
বৰপেটা, ৪ মাৰ্চ : দৰমহা আদায়ৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত অসমৰ ১১খন পলিটেকনিক আৰু ২খন ইঞ্জিনীয়াৰিং কলেজৰ লগতে বৰপেটা পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰিছে ৷ ৰাজ্যৰ ১১খন পলিটেকনিক আৰু দুখন অভিযান্ত্ৰিক কলেজত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু প্ৰায় ২০ মাহ ধৰি অনাদায় হৈ থকা দৰমহা মোকলাই দিয়াৰ দাবীত বৰপেটা পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন ৷
প্ৰতিবাদকাৰী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে, ১১ খন পলিটেকনিক আৰু ২খন অভিযান্ত্ৰিক কলেজত অস্থায়ীভাৱে কাম কৰি থকা কৰ্মচাৰীয়ে বিগত প্ৰায় ২০ মাহ ধৰি অনাদায় হৈ থকা দৰমহা শীঘ্ৰে মুকলি কৰা, নিয়মীয়াকৈ মাহিলি দৰমহা আদায়ৰ ব্যৱস্থা কৰা, ২০১৭ চনৰ পৰা কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত এই কর্মবিৰতি কাৰ্যসূচী পালন কৰিছে । অনিয়মীয়া দৰমহা আৰু চাকৰি স্থায়ী নোহোৱাৰ ফলত পৰিয়ালৰ ভৰণ-পোষণ, চিকিৎসাৰ লগতে সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিছে ৷ সেয়ে এইক্ষেত্ৰত ৰাজ্য চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কৰ্মচাৰীসকলে ৷
লগতে পঢ়ক : চাকৰি নিয়মীয়াকৰণৰ দাবীৰে হোজাইত হৰিজন মজদুৰ ইউনিয়নৰ অৱস্থান ধৰ্মঘট