১০০ বছৰীয়া পৰম্পৰাৰে তিতাবৰত বোকাবিহু - RONGALI BIHU 2024 - RONGALI BIHU 2024
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-04-2024/640-480-21220493-thumbnail-16x9-ttbr-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Apr 14, 2024, 12:48 PM IST
তিতাবৰ,১৪ এপ্ৰিল: ১০০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি তিতাবৰত বোকাবিহু পালন কৰে চহা কৃষিজীৱী ৰাইজে । তিতাবৰৰ মহিমাবাৰীত ১০০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি কৃষি ভিত্তিক উৎসৱ বোকাবিহু পালন কৰে অঞ্চলটোৰ কৃষিজীৱী ৰাইজে । কৃষি কৰ্মলৈ যোৱা আগমুহূৰ্তত ব’হাগৰ প্ৰথম দিনটোত অৰ্থাৎ মানুহ বিহুৰ দিনা কৃষিজীৱী ৰাইজে এইদৰে পালন কৰে ১০০ বছৰীয়া পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ বোকাবিহু ।
বোকাবিহুত ইজনে সিজনক বোকা সানিলে শৰীৰৰ বিভিন্ন ৰোগৰ নিৰাময় হয় বুলি এক লোকবিশ্বাস আছে । ফলত পৰম্পৰা আৰু ঐতিহ্য ৰক্ষাৰ বাবেই তিতাবৰ মহিমাবাৰীত ডেকা-বুঢ়া মহিলা আদি কৰি সকলো ওলাই আহি এইদৰে আনন্দ স্ফূৰ্তিত মতলীয়া হৈ বোকাবিহু পালন কৰে । ভ্ৰাতৃত্বসুলভ তথা সন্মান সহকাৰে ইজনে সিজনক বোকা সানি আৰু ছটিয়াই নিজৰ সংস্কৃতি জীয়াই ৰখাত ব্ৰতী হৈ পৰা পৰিলক্ষিত হয় ।
লগতে পঢ়ক: পৰম্পৰা ৰক্ষা কৰি টিংখাঙত গৰু বিহুৰ গধূলি নামঘৰৰ চোতালত চেমনীয়াৰ হুঁচৰি - Rangali Bihu 2024