ETV Bharat / technology

বন্ধ হৈ পৰিল Zomato ৰ এটি বিশেষ সেৱা : X যোগে জনালে মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱালে - ZOMATO Intercity Legends services

author img

By ETV Bharat Tech Team

Published : Aug 23, 2024, 3:37 PM IST

Updated : Aug 23, 2024, 3:52 PM IST

Zomato service: অনলাইন ফুড ডেলিভাৰী কোম্পানী হিচাপে পৰিচিত জ’মেটোৱে বন্ধ কৰিবলৈ ওলাইছে সেৱা ! বিশেষ এক সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱালে ৷ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে জনায় এই কথা । কি সেৱা সেই বিষয়ে জানিবলৈ পঢ়ক আমাৰ এই বিস্তৃত প্ৰতিবেদন---

Zomato shuts down intercity 'Legends' services, CEO Deepinder Goyal announces
অনলাইন ফুড ডেলিভাৰী কোম্পানী জ’মেটো (ETV Bharat)

নিউজ ডেস্ক, 23 আগষ্ট: শীঘ্ৰে বন্ধ হ’ব অনলাইন ফুড ডেলিভাৰী কোম্পানী জ’মেটোৰ এটি বিশেষ সেৱা ৷ উল্লেখ কৰা প্ৰয়োজন যে, দুবছৰ পূৰ্বে ‘লিজেণ্ডছ’ সেৱা আৰম্ভ কৰিছিল কোম্পানীটোৱে আৰু সেই সেৱাই সদ্যহতে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱালে । কোম্পানীটোৰ এই ‘লিজেণ্ডছ’ সেৱাৰ জৰিয়তে ভাৰতৰ বিভিন্ন চহৰৰ বিশেষ ব্যঞ্জন গ্ৰাহকসকলে অৰ্ডাৰ কৰিব পাৰে ৷ চলিত বৰ্ষৰ আৰম্ভণিতে এই সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছিল আৰু অৱশেষত শেহতীয়াকৈ এই সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কোম্পানীটোৱে ।

কি এই ‘লিজেণ্ডছ’ সেৱা

জ’মেটোৱে নিজৰ ‘লিজেণ্ডছ’ সেৱা সফল কৰাৰ বাবে বহু প্ৰচেষ্টা চলাইছিল যদিও বজাৰৰ চাহিদা পূৰণ কৰিব নোৱাৰাৰ বাবে কোম্পানীয়ে এই সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । স্মৰ্তব্য যে, 2021 চনত জ’মেটোই এই লিজেণ্ডছ সেৱা আৰম্ভ কৰিছিল, যাৰ লক্ষ্য আছিল সমগ্ৰ দেশৰ গ্ৰাহকসকলক জনপ্ৰিয় স্থানীয় খাদ্য যোগান ধৰা ।

কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ মন্তব্য

কোম্পানীটোৰ এই সিদ্ধান্ত নিশ্চিত কৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X যোগে মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱালে কয়, "দুবছৰীয়া প্ৰচেষ্টা আৰু প্ৰডাক্ট-মাৰ্কেট ফিট নোহোৱাৰ পিছত আমি 'লিজেণ্ডছ' সেৱা তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ বন্ধ কৰাৰ সিদ্ধান্ত লৈছো । জ’মেটো লিজেণ্ডছ সেৱাৰ জৰিয়তে গ্ৰাহকে দূৰৈৰ চহৰৰ পৰা কোনো বস্তু অৰ্ডাৰ কৰিব পাৰিছিল ।"

উদাহৰণস্বৰূপে, এই সেৱাৰ জৰিয়তে দিল্লীত বহি থকা এজন ব্যৱহাৰকাৰীয়ে কলকাতাৰ এখন ৰেষ্টুৰেণ্টৰ পৰা মাছৰ জোল (মাচেৰ-ঝোল)ৰ অৰ্ডাৰ দিবলৈ সক্ষম হৈছিল । উল্লেখ্য যে, এপ্ৰিল মাহত এই সেৱা সাময়িকভাৱে স্থগিত ৰখা হৈছিল, তাৰ পিছত জ’মেটোৱে যোৱা মাহত ‘ইণ্টাৰচিটি লিজেণ্ডছ’ সেৱা পুনৰ আৰম্ভ কৰিছিল । প্ৰতিটো ডেলিভাৰী পূৰ্বতকৈ অধিক লাভজনক কৰি তুলিবলৈ কোম্পানীটোৱে নূন্যতম অৰ্ডাৰৰ মূল্য 5 হাজাৰ টকালৈ বৃদ্ধি কৰিছিল ।

লগতে পঢ়ক: বাইক এৰি ঘোঁৰাৰে গ'ল খাদ্য দিবলৈ

Zomato angry over MP girl : ভূপালৰ যুৱতীৰ কৰ্মকাণ্ডত হায়ৰাণ 'Zomato'

Last Updated : Aug 23, 2024, 3:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.