ETV Bharat / technology

সন্তানৰ হাতত স্মাৰ্টফোন তুলি দিয়াৰ পূৰ্বে অৱগত হওঁক এই বিশেষ settings ৰ বিষয়ে আৰু নিশ্চিন্ত হৈ থাকক - YouTube Safety Feature

author img

By ETV Bharat Tech Team

Published : Sep 8, 2024, 4:37 PM IST

YouTube Teenage Safety Feature: কিশোৰ-কিশোৰীৰ সুৰক্ষাৰ কথা মনত ৰাখি YouTube এ প্ৰৱৰ্তন কৰিছে এক নতুন বৈশিষ্ট্য । এই বৈশিষ্ট্যৰ সহায়ত শিশুৰ YouTube ৰ নিয়ন্ত্ৰণ এতিয়া পিতৃ-মাতৃৰ হাতত থাকিব । এয়া কেনেকৈ সম্ভৱ ? ইয়াৰ দ্বাৰা কি কি লাভ হ’ব ? আপোনাৰ YouTube ত কেনেকৈ সক্ৰিয় কৰিব এই সুবিধা জানো আহক---

YouTube rolls out new safety features for teen accounts
ইউ টিউব (ETV Bharat)

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ: জনপ্ৰিয় ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্ম ইউটিউবে মুকলি কৰিছে এক নতুন বৈশিষ্ট্য । কিশোৰ-কিশোৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইউটিউবে নিজ সন্তানৰ YouTubeৰ নিয়ন্ত্ৰণ পিতৃ-মাতৃক দিয়াৰ সিদ্ধান্ত লৈছে । এইক্ষেত্ৰত ‘YouTube Family Center’ নামৰ এক নতুন বৈশিষ্ট্য সংযোগ কৰা হৈছে । YouTube এ অনা এই নতুন বৈশিষ্ট্য কি---

YouTubeৰ নতুন বৈশিষ্ট্যৰ সুবিধা:

  • এই YouTube পৰিয়াল কেন্দ্ৰ বৈশিষ্ট্যৰ সহায়ত শিশুটিৰ YouTube একাউণ্ট অভিভাৱকৰ একাউণ্টৰ সৈতে সংযোগ কৰিব পৰা যাব
  • ইয়াৰ অৰ্থ হ’ল একাউণ্টৰ ব্যৱহাৰকাৰী শিশু হ’লেও ইয়াৰ সম্পূৰ্ণ তথ্য পিতৃ-মাতৃৰ হাতত থাকিব
  • এই নতুন বৈশিষ্ট্যৰ জৰিয়তে অভিভাৱকসকলে শিশুসকলে কৰা সকলো কাম যেনে আপলোড কৰা ভিডিঅ’, ছাবচস্ক্ৰাইব কৰা চেনেল, পোষ্ট আৰু ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্মৰ মন্তব্য সন্দৰ্ভত তৎক্ষণাত অৱগত হ’ব
  • যদি কোনো ভিডিঅ' আপলোড কৰা হয় বা লাইভ ষ্ট্ৰীম আৰম্ভ কৰা হয় তেন্তে অভিভাৱকক তৎক্ষণাত ই-মেইলযোগে অৱগত কৰা হ'ব
  • অৰ্থাৎ শিশুটিৰ একাউণ্ট পিতৃ-মাতৃৰ নিৰীক্ষণত থাকিব
  • YouTube ত ইতিমধ্যে শিশুৰ বাবে বহু নিয়ম আছে
  • শেহতীয়াকৈ কিশোৰ-কিশোৰীসকলৰ বাবে এই ধৰণৰ সুবিধা আৰম্ভ কৰা হৈছে
  • যুৱক-যুৱতীসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি YouTube এ ইতিমধ্যে বহু নিয়ম আনিছে
  • শিশুৰ সৃষ্টিশীলতা আৰু স্বাধীনতাক দমন নকৰাকৈ সুৰক্ষা প্ৰদানৰ বাবেই এই সুবিধাসমূহ প্ৰৱৰ্তন কৰা হৈছে বুলিও কয়।

এই সুবিধা কেনেকৈ গ্ৰহণ কৰিব

অভিভাৱকসকলে তেওঁলোকৰ YouTube এপত Settings লৈ গৈ পৰিয়াল কেন্দ্ৰ পৃষ্ঠা নিৰ্বাচন কৰি এই সুবিধা সক্ৰিয় কৰিব পাৰে ।

এণ্ড্ৰইড আৰু আইফোন ব্যৱহাৰকাৰীয়ে এই সেৱাসমূহ ব্যৱহাৰ কৰিব পাৰিব ।

YouTube এ ঘোষণা কৰিছে যে ফেমিলি চেণ্টাৰ হাবৰ অংশ হিচাপে অনা এই বৈশিষ্ট্য অতি সোনকালে সম্প্ৰসাৰিত কৰা হ’ব ।

লগতে পঢ়ক: 8549 টকাতে লাখতেই লাভ কৰক AI বৈশিষ্ট্যযুক্ত আকৰ্ষণীয় ফোন ! - Most Slimmest Budget Phone

স্মাৰ্টফোন ব্যৱহাৰৰ পূৰ্বে সাৱধান ! বৃদ্ধৰ পৰা দুষ্ট চক্ৰই সৰকালে কোটি টকা - Largest Cyber Fraud Case

অত্যধিক মোবাইল ব্যৱহাৰ কৰে নেকি আপুনি ? তেন্তে সাৱধান ! - Excessive Phone Use

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.