ETV Bharat / technology

Xiaomi India ৰ অধ্যক্ষৰ দায়িত্বৰ পৰা অব্যাহতি ল’ব মুৰালিকৃষ্ণনে - XIAOMI INDIA

Xiaomi India President Muralikrishnan moves on: চলিত বৰ্ষৰ শেষৰ ফালে Xiaomi India ৰ অধ্যক্ষৰ দায়িত্ব ত্যাগ কৰিব মুৰালিকৃষ্ণন বিয়ে ৷

Xiaomi India President Muralikrishnan moves on, COO Mathur to guide key functions
Xiaomi India ৰ অধ্যক্ষৰ দায়িত্বৰ পৰা অব্যাহতি ল’ব মুৰালিকৃষ্ণনে (Bussiness Today)
author img

By ETV Bharat Tech Team

Published : Nov 5, 2024, 5:11 PM IST

হায়দৰাবাদ: মঙলবাৰে Xiaomi India ই ঘোষণা কৰে যে বৰ্তমানৰ অধ্যক্ষ মুৰালীকৃষ্ণন বিয়ে চলিত বছৰৰ শেষৰ ফালে নিজৰ দায়িত্বৰ পৰা আঁতৰি আহি শৈক্ষিক গৱেষণা সম্বন্ধীয় কাম-কাজ আগুৱাই নিব ।

মুৰালিকৃষ্ণনে বছৰৰ শেষলৈকে বৰ্তমানৰ ক্ষমতাত কাম কৰি যাব বুলি কোম্পানীটোৱে এক বিবৃতিযোগে প্ৰকাশ কৰিছে ।

উদ্যোগটোত 30 বছৰতকৈও অধিক সময় জড়িত হৈ থকা সুধিন মাথুৰে চি অ’ অ’ হিচাপে মূখ্য কাম-কাজবোৰ নিৰীক্ষণ কৰিব । সমীৰ ৰাও (চিএফঅ’), বৰুণ মদন (চিপিঅ’) আৰু অনুজ শৰ্মা (চিএমঅ’)কে ধৰি মূখ্যসকলে উচ্চমানৰ প্ৰযুক্তি অভিজ্ঞতা আৰু অহা দশকৰ বাবে ইয়াৰ অভিলাষী দৃষ্টিভংগীৰ ওপৰত Xiaomi ৰ মনোনিৱেশক আৰু অধিক শক্তিশালী কৰিব ।

গোটটোৰ জ্যেষ্ঠ উপাধ্যক্ষ তথা আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় বিভাগৰ সভাপতি এডাম জেঙে কয়, “মুৰালিৰ নেতৃত্বত Xiaomi য়ে ভাৰতত ব্যতিক্ৰমী সফলতা লাভ কৰিছে, প্ৰযুক্তিক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে আৰু লাখ লাখ লোকক উদ্ভাৱনীমূলক সামগ্ৰীৰ সৈতে সংযোগ কৰি আছে ।”

জেঙে লগতে কয়, "আমি তেওঁৰ অৱদানৰ গভীৰ শলাগ লৈছো আৰু ভাৰতৰ অগ্ৰগতিৰ যাত্ৰাৰ প্ৰতি আমাৰ দায়ৱদ্ধতা পূৰ্বতকৈ অধিক শক্তিশালী হৈ আছে ।"

কোম্পানীটোৰ সৈতে ছয় বছৰতকৈও অধিক সময় জড়িত হৈ থকাৰ পিছত মুৰালীয়ে "Executive Doctorate in Management’ৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি শৈক্ষিক গৱেষণা ক্ষেত্ৰত নিজৰ আকৰ্ষণ অব্যাহত ৰাখিবলৈ সাজু হৈছে ৷ এইক্ষেত্ৰত তেওঁ নিৰ্দিষ্ট বিষয় হিচাপে বাচনি কৰিছে ‘ঔদ্যোগিক ক্ষেত্ৰত গ্ৰাহকৰ আচৰণ’ ।

মুৰালীয়ে Xiaomi India ক স্বতন্ত্ৰ কৌশলীগত পৰামৰ্শদাতা হিচাপে সহায় কৰি যাব বুলি কোম্পানীটোৱে জনায় ।

2018 চনত Xiaomi India ত যোগদান কৰি 2022 চনত অধ্যক্ষ পদত পদোন্নতিৰ পূৰ্বে মুখ্য পৰিচালন বিষয়াকে ধৰি বিভিন্ন ভূমিকা পালন কৰিছিল মুৰালীয়ে ।

সমগ্ৰ কাৰ্যকালত তেওঁ Xiaomi India ব্ৰেণ্ডৰ প্ৰচাৰ আৰু প্ৰসাৰ, দলসমূহৰ মাজত কৌশলগত দিশৰ নেতৃত্ব প্ৰদান আৰু জটিল জনসংযোগ প্ৰচেষ্টাসমূহক পৰিচালনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

মুৰালীয়ে কয়, "Xiaomi India ত মই লাভ কৰা অভিজ্ঞতা মোৰ কেৰিয়াৰৰ অন্যতম পূৰিপূৰ্ণ অধ্যায় । Xiaomi-এ যিবোৰ আন্তৰিকতা আৰু আবেগক মূৰ্ত কৰি তুলিছে, সেইবোৰ আমাৰ যাত্ৰাৰ মূল বিষয় হৈ পৰিছে । এনে গতিশীল বজাৰত আমি একেলগে যিখিনি সফলতা লাভ কৰিছো তাক লৈ মই সীমাহীনভাৱে গৌৰৱান্বিত ।"

লগতে পঢ়ক: শীঘ্ৰে ভাৰতীয় বজাৰত মুকলি হ’ব কেবাটাও আকৰ্ষণীয় বৈশিষ্ট্যযুক্ত স্মাৰ্টফোন

ভাৰতত মুকলি প্ৰথমটো শক্তিশালী Snapdragon 4s Gen 2 প্ৰচেছৰযুক্ত ফোন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.