ETV Bharat / technology

আপোনাৰ টোপনি নিয়ন্ত্ৰিত হয় চন্দ্ৰৰ দ্বাৰা : কেনেকৈ ? - Moonless earth

author img

By ETV Bharat Tech Team

Published : Aug 31, 2024, 5:02 PM IST

Moon and the earth relationshi: চন্দ্ৰ আৰু পৃথিৱীৰ সম্পৰ্ক লক্ষ লক্ষ বছৰ পুৰণি ৷ কিন্তু আপুনি কেতিয়াবা চন্দ্ৰবিহীন পৃথিৱীৰ কল্পনা কৰিছেনে ? চন্দ্ৰটো যদি নাথাকিলেহেঁতেন অথবা যদি হঠাতে নোহোৱা হৈ যায় তেন্তে কি হ’ব ? এই সন্দৰ্ভত শেহতীয়াকৈ প্ৰকাশ পাইছে এক গৱেষণা ৷

Moonless earth
চন্দ্ৰবিহীন পৃথিৱীৰ কল্পনা ! (Getty Image)

নিউজ ডেস্ক, 31 আগষ্ট: চন্দ্ৰ আৰু পৃথিৱীৰ সম্পৰ্ক 4.5 বিলিয়ন বছৰতকৈও অধিক । চন্দ্ৰই পৃথিৱীৰ জোৱাৰ-ভাটাৰ প্ৰক্ৰিয়াক প্ৰভাৱিত কৰে । লগতে পৃথিৱীৰ অক্ষক সুস্থিৰ কৰি ৰখাত চন্দ্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কিন্তু চন্দ্ৰটো যদি হঠাতে নোহোৱা হৈ যায় তেন্তে পৃথিৱীৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনে হ’ব সেই সন্দৰ্ভত নেচাৰ আলোচনীত প্ৰকাশ পাইছে এক গৱেষণা । নেচাৰ আলোচনীত প্ৰকাশিত এই গৱেষণাত কোৱা হৈছে যে চন্দ্ৰবিহীন পৃথিৱীৰ পৰিণতি সুদূৰপ্ৰসাৰী আৰু বিধ্বংসী হ’ব । গৱেষক ড০ মাৰিয়া ৰড্ৰিগেজে চলাইছিল এই গৱেষণা ।

সাগৰৰ জোৱাৰ-ভাটা বিঘ্নিত হ’ব: চন্দ্ৰ আৰু সূৰ্যৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবে সাগৰৰ জলপৃষ্ঠ নিয়মিতভাৱে বৃদ্ধি পাব । এইটোৱেই আমি জোৱাৰ-ভাটাৰ প্ৰবাহ বুলি কওঁ । চন্দ্ৰগ্ৰহণে সৰ্বাধিক প্ৰভাৱ পেলাব মহাসাগৰৰ ওপৰত । যাৰ বাবে উপকূলীয় খহনীয়া, বানপানীৰ সমস্যাৰ সৃষ্টি হ’ব । লগতে সাগৰীয় পৰিৱেশ তন্ত্ৰত ব্যাঘাত জন্মিব ।

জলবায়ু পৰিৱৰ্তনঃ চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিয়ে পৃথিৱীৰ অক্ষ সুস্থিৰ কৰি ৰখাত সহায় কৰে । পৃথিৱী সদায় 23.5 ডিগ্ৰী হেলনীয়া হৈ থাকে । চন্দ্ৰৰ অনুপস্থিতিৰ বাবে ইয়াৰ অক্ষ সলনি হোৱাৰ সম্ভাৱনা বেছি । যাৰ বাবে বতৰৰ তাৰতম্য ঘটিব পাৰে । ফলত পৃথিৱীৰ কিছু অংশৰ উষ্ণতা বৃদ্ধি পাব আৰু কিছু অংশৰ উষ্ণতা হঠাতে কমি যাব । ইয়াৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হ’ব জীৱ-জন্তু ।

ভূমিকম্প, আগ্নেয়গিৰিৰ বিস্ফোৰণ : চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱে পৃথিৱীৰ টেকটনিক প্লেটসমূহ স্থিৰ কৰি ৰখাত সহায় কৰে । চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ যদি পৃথিৱীত কোনো প্ৰভাৱ নপৰে তেন্তে ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণ বৃদ্ধি পাব । যাৰ ফলত ব্যাপক ৰূপত ধ্বংসলীলা চলিব আৰু বহু লোকে প্ৰাণ হেৰুৱাব ।

টোপনি ক্ষতিগ্ৰস্ত: চন্দ্ৰই আমাৰ চাৰ্কেডিয়ান ছন্দতো প্ৰভাৱ পেলায় । শৰীৰত 24 ঘণ্টীয়া প্ৰাকৃতিক ঘড়ী থাকে যিয়ে টোপনিৰ চক্ৰ নিয়ন্ত্ৰণ কৰে । ইয়াৰ অবিহনে আমাৰ শৰীৰৰ আভ্যন্তৰীণ ঘড়ীবোৰ বিঘ্নিত হ’ব । যাৰ ফলত টোপনি ক্ষতিগ্ৰস্ত, ভাগৰুৱা, আনুষংগিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

চন্দ্ৰ এক সম্পদ: মহাকাশ অন্বেষণৰ বাবে চন্দ্ৰ এক মূল্যৱান সম্পদ । চন্দ্ৰৰ অনুপস্থিতিয়ে আমাৰ হিলিয়াম-3 ৰ দৰে সম্পদ ব্যৱহাৰ কৰাৰ ক্ষমতাত বাধাৰ সৃষ্টি কৰিব । লগতে মহাকাশ গৱেষণাৰ বাবে চন্দ্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰৰ উৎস । গতিকে ইয়াক ব্যৱহাৰ কৰি আন গ্ৰহৰ গৱেষণাৰ ক্ষেত্ৰত আমি বাধাগ্ৰস্ত হ’ম ।

পৃথিৱীৰ অবিচ্ছেদ্য চন্দ্ৰ: চন্দ্ৰৰ অনুপস্থিতিৰ প্ৰভাৱে আমাৰ মহাসাগৰ, জলবায়ু, ভূতত্ত্ব, আনকি আমাৰ স্বাস্থ্যৰ ওপৰতো সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব । সেয়ে ভৱিষ্যতে চন্দ্ৰক লৈ যিদৰে চিন্তা কৰিব লাগে, সেইদৰে পৃথিৱীৰ প্ৰদূষণৰ বাবেও আমি চিন্তা কৰিব লগা হৈছে । কাৰণ চন্দ্ৰ পৃথিৱীৰ সূক্ষ্ম ভাৰসাম্যৰ এক অবিচ্ছেদ্য অংগ ।

লগতে পঢ়ক: চন্দ্ৰ হ’ব পাৰে পৃথিৱীৰ বাহিৰৰ নতুন বসতিস্থল : ইছৰোৰ বিজ্ঞানী - National Space Day 2024

২০৪০ চনৰ ভিতৰত চন্দ্ৰত পদাৰ্পণৰ লক্ষ্য ইছৰোৰ ! - ISRO Chairman Dr S Somnath

নতুন কথা নহয় : ২০১১ তে ISRO ৰ বিজ্ঞানীয়ে বিচাৰি পাইছিল চন্দ্ৰৰ গুহাটো - Newly discovered cave in Moon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.