ETV Bharat / technology

এই পদ্ধতি অৱলম্বন কৰক আৰু ৰে’লৰ টিকট বুকিঙত পাওঁক নিশ্চিত ৰেহাই ! - Save Money on Train Tickets

author img

By ETV Bharat Tech Team

Published : Aug 31, 2024, 6:35 PM IST

Offer on Train Tickets: গৰিষ্ঠসংখ্যক ভাৰতীয়ই যাতায়তৰ বাবে প্ৰথমে পছন্দ কৰে ৰে’ল ৷ গন্তব্য স্থানত উপনীত হ’বলৈ প্ৰতিদিনে লাখ লাখ লোকে ভাৰতীয়ই ৰে’ল ব্যৱহাৰ কৰে । কাৰণ বৰ্তমান সময়ত ই দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰাৰ বাবে আটাইতকৈ কম খৰচী উপায় । কিন্তু এনে কিছুমান উপায় আছে যাৰ সহায়ত আপুনি আৰু অধিক ধন ৰাহি কৰিব পাৰে ৷ এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে সেই পদ্ধতিবোৰৰ বিষয়ে...

Etv Bharat
ভাৰতীয় ৰে’লত ৰেহাই (Etv Bharat)

নিউজ ডেস্ক, 31 আগষ্ট: বৰ্তমান সময়ত ৰে’ল পৰিবহণ হৈছে দীৰ্ঘ দূৰত্বৰ বাবে আটাইতকৈ কম খৰচী যাতায়তৰ মাধ্যম । দেশৰ কোটি কোটি লোকে এই পৰিবহণৰ প্ৰতি আগ্ৰহী আৰু লাখ লাখ লোকে প্ৰতিদিনে বিভিন্ন উদ্দেশ্যত ইয়াক ব্যৱহাৰ কৰে । বেছিভাগ মানুহেই ভ্ৰমণৰ বাবে ৰেল পছন্দ কৰে আৰু সেয়েহে আগতীয়াকৈ টিকট বুকিং কৰে ।

কিন্তু আপুনি কোন শ্ৰেণীৰ ৰে’লত যাত্ৰা কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ টিকটৰ দাম নিৰ্ধাৰণ কৰা হয় আৰু মূল্য কম-বেছি হ’ব পাৰে । কিন্তু টিকট বুকিং চাইটসমূহে আগবঢ়োৱা ৰেহাই আৰু সংৰক্ষণৰ অধীনত ৰেহাই, কুপন আদিৰ সুবিধা লৈ কিছু ধন ৰাহি কৰিব পাৰি । ইয়াত আমি সেই পদ্ধতিসমূহৰ বিষয়ে উল্লেখ কৰিম---

1/ আগতীয়াকৈ টিকট বুক কৰক: যদি আপোনাৰ যাত্ৰাৰ দিন ইতিমধ্যে চূড়ান্ত হৈছে, তেন্তে আগতীয়াকৈ টিকট বুকিং কৰিব লাগে । ভ্ৰমণৰ বাবে নিৰ্ধাৰিত তাৰিখৰ 120 দিন আগতে টিকট বুকিং কৰিবলৈ চেষ্টা কৰক । ইয়াৰ ফলত শেষ মুহূৰ্তত বুকিং কৰাৰ হুলস্থুলৰ পৰা হাত সাৰিব পাৰিব । শেষ মুহূৰ্তত বুকিং কৰিলে নিশ্চিত টিকট পোৱাৰ অনিশ্চয়তা বৃদ্ধি পায় । পৰাপক্ষত ‘Tatkal Booking’ কৰিব নালাগে, কাৰণ ইয়াৰ বাবে অতিৰিক্ত মাচুল দিব লাগিব ।

2) আপোনাৰ বুকিং বিভাজন কৰক: যদি একাধিক লোকে একেলগে যাত্ৰা কৰি আছে, তেন্তে যাত্ৰীসকলে কম ধন দিবলৈ বিভক্ত বুকিঙৰ ব্যৱস্থাটো বাছি ল’ব পাৰে । দীঘলীয়া যাত্ৰাৰ বাবে এটা টিকট বুকিং কৰিব পাৰে বা যাত্ৰাক ভাগ কৰি একাধিক টিকট বুকিং কৰিব পাৰে । যেনে,

উদাহৰণস্বৰূপে, ৰায়পুৰৰ পৰা পাটনালৈ যাত্ৰা কৰিব বিচাৰিলে, আপুনি আপোনাৰ যাত্ৰা বা টিকট দুটা পৰ্যায়ত বিভক্ত কৰিব পাৰে । উদাহৰণস্বৰূপে, ৰায়পুৰ জংচনৰ পৰা পাটনা জংচনলৈ যদি টিকট বুকিং কৰি আছে তেন্তে ৰায়পুৰৰ পৰা টাটানগৰ জংচনলৈ টিকট বুকিং কৰক আৰু তাৰ পিছত টাটানগৰ জংচনৰ পৰা পাটনা জংচনলৈ আন এখন ৰে’লৰ বাবে টিকট বুক কৰক । বিশেষকৈ উৎসৱৰ বতৰত এই কৌশলটো কামত আহে, যদিও যাত্ৰাটো ডাইৰেক্ট বুকিঙৰ সৈতে একে ।

3/ কেছবেক অফাৰৰ প্ৰতি নজৰ ৰাখক: টিকট বুকিং কৰাৰ সময়ত কেছবেকৰ প্ৰতি সদায় চকু ৰাখিব লাগে । লাষ্ট মিনিট বুকিঙৰ বাবে বহুত টকা খৰচ কৰাৰ পৰিৱৰ্তে সেৱাৰ সুবিধা লওক আৰু কেছবেক অফাৰৰ জৰিয়তে ধন ৰাহি কৰক । বহু ৱেবছাইটত ৰেলৰ টিকট বুকিঙৰ ক্ষেত্ৰত কেছবেক আৰু ৰেহাই দিয়া হয় । গতিকে লাভ আদায় কৰিব লাগে ।

4) IRCTC পেমেণ্ট কাৰ্ড ব্যৱহাৰ কৰক: IRCTC য়ে এছ বি আইৰ সহযোগত টিকট বুকিঙৰ বাবে প্লেটিনাম কাৰ্ড মুকলি কৰিছে । ক্ৰেডিট বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ৰেহাই আৰু পুৰস্কাৰ লাভ কৰিবলৈ আই আৰ চি টি চি এছ বি আই কাৰ্ড ব্যৱহাৰ কৰিব পাৰে । ইয়াত এচি 1, এচি 2 আৰু এচি 3 কোচ বুকিঙৰ বাবে ভেল্যু বেক ৰিৱাৰ্ড দিয়া হৈছে । এই পেমেণ্ট কাৰ্ডবোৰে তৎক্ষণাত বুকিঙৰ সময়ত উন্নত সেৱা আগবঢ়ায় ।

5) শ্লিপাৰ ক্লাছত ভ্ৰমণ: শ্লিপাৰ কোচত ভ্ৰমণ কৰিলে এচি কোচত টিকট বুকিং কৰাৰ তুলনাত আপোনাৰ আধা ধন ৰাহি হ’ব । যদি বতৰ ভাল আৰু অনুকূল হয় তেন্তে এচি ডবাত যাত্ৰা কৰাৰ পৰিৱৰ্তে শ্লীপাৰ ক্লাছ বাছি ল’ব পাৰে । ইয়াৰ ফলত বহু টকা ৰাহি হয় আৰু প্ৰকৃতিৰ অদ্ভুত দৃশ্য উপভোগ কৰি মনটো সতেজ হ’ব পাৰে ।

6) কুপন ক'ড উপলব্ধ কৰক: ভ্ৰমণ আৰু পৰ্যটন চাইট বা এপৰ জৰিয়তে টিকট বুকিং কৰিলে কুপন আৰু ৰেহাই পোৱা যায় । যিবোৰ কুপন আগবঢ়োৱা হয় সেইবোৰৰ ওপৰত সদায় চকু ৰাখিব আৰু তাৰ সুবিধা ল’বলৈ নাপাহৰিব । কুপন ক'ড উপলব্ধ কৰিলে কম দামত টিকট বুকিং কৰাৰ সুযোগ পাব ।

7) মধ্যমীয়া গতিৰ ৰে’ল নিৰ্বাচন কৰক: গন্তব্যস্থানত উপনীত হ’বলৈ কম সময় লোৱা ৰে’ল বাছি লোৱাটো অধিক ব্যয়বহুল হ’ব পাৰে । যদি প্ৰয়োজন নাই তেন্তে গন্তব্যস্থানত উপনীত হ’বলৈ এখন মধ্যমীয়া গতিৰ ৰে’ল বাছি লওঁক । এই ৰে’লবোৰ বহু ষ্টেচনত ৰৈ যায়, য’ত যাবলৈ অধিক সময় লাগে । এনে ৰে’লৰ টিকটৰ দাম সহজেই সুলভ ।

লগতে পঢ়ক: 10,000 টকা পৰ্যন্ত ৰেহাই লাভ কৰি আজিয়েই ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন - Subsidy for electric scooters

লেহেমীয়া ইন্টাৰনেটৰ সমস্যাৰ আপুনিও ভুক্তভোগী নেকি : এই কিটিপ গ্ৰহণ কৰি উপকৃত হওঁক - Slow Internet Speed

উৎসৱৰ বতৰত গাড়ী ক্ৰয় কৰি লাভ কৰক 20,000 টকাৰ ৰেহাই - Discount on Vehicles

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.