ETV Bharat / technology

পুৰণি ম'বাইল-লেপটপ ক্ৰয় কৰাৰ পূৰ্বে বিপদত নপৰিবলৈ কি কি কথা জানিব লাগে, পঢ়ক এই প্ৰতিবেদন - Buying a Used gadgets - BUYING A USED GADGETS

How to test a used Laptop or Mobile before buying: আপুনি পুৰণি ম'বাইল বা লেপটপ কিনিব বিচাৰিছে নেকি ? পুৰণি ম'বাইল বা লেপটপ ক্ৰয় কৰাৰ পূৰ্বে জানি লওক কিছু কথা । নহ'লে গাঁঠিৰ ধন ভাঙি ক্ৰয় কৰা পুৰণি ম'বাইল বা লেপটপে বিপদত পেলাব পাৰে আপোনাক ।

How to test a used Laptop or Mobile before buying
পুৰণি ম'বাইল বা লেপটপ ক্ৰয় কৰাৰ পূৰ্বে বিপদত নকৰিবলৈ কি কি কথা জানিব লাগে (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 7:25 PM IST

গুৱাহাটী, ১৫ জুন: নিজৰ পচন্দৰ নতুন ম'বাইল বা লেপটপ আৰ্থিক সমস্যা বা বিভিন্ন কাৰণত ক্ৰয় কৰিব নোৱাৰি বহু লোকে নিজৰ সামৰ্থ অনুসাৰে পুৰণি ম'বাইল বা লেপটপ ক্ৰয় কৰে । পুৰণি ম'বাইল অথবা লেপটপ ক্ৰয় কৰাৰ পূৰ্বে সাৱধান হওক আপুনি । পুৰণি ম'বাইলটো ক্ৰয় কৰাৰ পূৰ্বে জানি লওক আপুনি কিনিব বিচৰা ম'বাইল, লেপটপটো চুৰিৰ নে যিগৰাকী লোকৰ পৰা ক্ৰয় কৰিব বিচাৰিছে প্ৰকৃততে তেওঁৰেই ।

আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং (Etv Bharat Assam)

ম'বাইল বা লেপটপটোৰ প্ৰকৃত গৰাকীক কেনেদৰে কৰিব চিনাক্ত:

ম'বাইল অথবা লেপটপটোৰ প্ৰকৃত গৰাকীৰ বিষয়ে জানিবলৈ আপুনি যাব লাগিব CEIR পৰ্টেল অথবা এপলৈ । এই এপলৈ গৈ ম'বাইলটোৰ IMEI নম্বৰটো আৰু লেপটপৰ ক্ষেত্ৰত মেক আইডিটো মাৰি দিলে আপুনি ক্ৰয় কৰিবলৈ লোৱা পুৰণি ম'বাইল বা লেপটপটো প্ৰকৃত গৰাকীৰ নে চুৰি কৰা সেয়া জানিব পাৰিব । এনেদৰে তথ্য সংগ্ৰহ কৰি ক্ৰয় কৰিলে আপুনি বিপদতো নপৰিব আৰু আপোনাৰ সাঁচতীয়া ধনো ৰাহি হ'ব । অৱশ্যে এই সময়ছোৱাত আপুনি ম'বাইল বা লেপটপটো চুৰি বুলি গম পালে লগে লগে স্থানীয় আৰক্ষীক অৱগত কৰিব ।

How to test a used Laptop or Mobile before buying
পুৰণি ম'বাইল বা লেপটপ ক্ৰয় কৰাৰ পূৰ্বে বিপদত নকৰিবলৈ কি কি কথা জানিব লাগে (Etv Bharat Assam)

লগতে পঢ়ক: চাইবাৰ অপৰাধ ৰোধ কৰাৰ উদ্দেশ্যে সহস্ৰাধিক ম'বাইল ব্লক কৰাৰ নিৰ্দেশ - Thousands Of Mobile Phons Block

হেৰোৱা ম'বাইল, লেপটপ আপুনি ঘূৰাই পাবলৈ আৰক্ষীক অৱগত কৰাৰ লগতে কি কৰিব লাগিব ?

আপোনাৰ ম'বাইল, লেপটপ হেৰাইছে যদি আপুনি স্থানীয় আৰক্ষীক অৱগত কৰাৰ উপৰি আৰক্ষীৰ সহযোগত নাইবা ব্যক্তিগতভাৱে CEIR পৰ্টেল অথবা এপলৈ যাব লাগিব । এই এপ বা পৰ্টেললৈ গৈ আপোনাৰ হেৰোৱা ম'বাইলটোৰ IMEI নম্বৰ আৰু ফোন নম্বৰটো এন্ট্ৰি কৰিব লাগিব । আনহাতে লেপটপৰ ক্ষেত্ৰত মেক আইডিটো এন্ট্ৰি কৰিব লাগিব । এই পৰ্টেলটোত নম্বৰটো এন্ট্ৰি হোৱাৰ পিচতেই ম'বাইল নম্বৰটো ব্লক কৰি দিয়া হ’ব ।

পিচত চুৰি হোৱা ম’বাইলটো অন কৰিলে গম পোৱা যাব কোন স্থানত ম'বাইলটো অন কৰা হৈছে । সেই অনুসৰি মোবাইলটো অন হোৱা স্থানৰ আৰক্ষীক এই বিষয়ে অৱগত কৰা হ’ব আৰু লগে লগে আৰক্ষীয়ে ম'বাইলটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব ।

লগতে পঢ়ক: আপোনাৰ ফোনটো লেহেমীয়া গতিত চলিছে নেকি ? কেইটামান বিশেষ টিপছ - Tricks For Android

CEIR পৰ্টেল বা এপটো কি ?

টেলিকমিউনিকেচন বিভাগে CEIR(Central Equipment Identity Register) পৰ্টেল আৰু এপটো মুকলি কৰিছে । এই পৰ্টেল আৰু এপৰ জৰিয়তে সমগ্ৰ দেশতে‌ 7,36,857 তকৈ অধিক Mobiles Blocked আৰু 9,92,641 অধিক Mobiles Traced কৰিবলৈ সক্ষম হৈছে ।

পুৰণি ম'বাইল, লেপটপ ক্ৰয় কৰাৰ পূৰ্বে CEIR পৰ্টেল বা এপত পৰীক্ষা কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙেও ৰাইজক আহ্বান জনাইছে ৷ তেওঁ লগতে ম'বাইল, লেপটপ হেৰালে লগে লগে এপ অথবা পৰ্টেলত এন্ট্ৰি কৰিবলৈ ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক: এতিয়াই পৰীক্ষা কৰক পত্নীৰ ম’বাইলৰ ৰিচাৰ্জ; নহ’লে ভাগিব পাৰে সংসাৰ - Break Up for Mobile recharge

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.