ETV Bharat / technology

ভাৰতীয় নৌসেনাই লাভ কৰিলে পাৰমাণৱিক অস্ত্ৰপৰিবাহী দ্বিতীয়খন ছাবমেৰিন - Second nuclear armed submarine - SECOND NUCLEAR ARMED SUBMARINE

INS Arighat: নৌসেনাক শক্তিশালী কৰিবলৈ পুনৰ আন এখন পাৰমাণৱিক ক্ষমতাসম্পন্ন চাবমেৰিন সংযোজন কৰা হ’ল । বৃহস্পতিবাৰে নৌসেনাৰ নতুন সদস্য হ’ল ‘আই এন এছ আৰিঘাট’ । এই চাবমেৰিনে নতুন সদস্য হিচাপে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত নৌসেনাত যোগদান কৰে । ‘আই এন এছ অৰিহন্ত’তকৈ ই অধিক উন্নত । ইয়াত 750 কিলোমিটাৰ দূৰত্বৰ K-15 ক্ষেপণাস্ত্ৰ সজ্জিত কৰা হ’ব ।

second nuclear-armed submarine
ভাৰতীয় নৌসেনাই লাভ কৰিলে পাৰমাণৱিক অস্ত্ৰপৰিবাহী দ্বিতীয়খন ছাবমেৰিন (ANI)
author img

By ETV Bharat Tech Team

Published : Sep 2, 2024, 10:57 AM IST

নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ: নৌসেনাত সংযোজন হ’ল ভাৰতৰ দ্বিতীয়খন পাৰমাণৱিক ক্ষমতাসম্পন্ন চাবমেৰিন ৷ পাৰমাণৱিক চালিত বেলিষ্টিক মিছাইল চাবমেৰিন (SSBN) INS অৰিঘাট দেশৰ বাবে উচৰ্গা কৰা হয় । কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত এই কাৰ্যসূচী সম্পন্ন হয় ।

চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু চীনক উপযুক্ত উত্তৰ দিবলৈ ভাৰতে নিজৰ শক্তি বৃদ্ধি কৰিছে । ইয়াৰ অধীনত বৃহস্পতিবাৰে অৰিহন্ত শ্ৰেণীৰ দ্বিতীয়খন পাৰমাণৱিক চাবমেৰিন INS অৰিঘাটক বিশাখাপট্টনমত নৌসেনাৰ অন্তৰ্ভুক্ত কৰা হয়, যাৰ বাবে ভাৰতীয় নৌসেনাৰ শক্তি বহুগুণে বৃদ্ধি পাব বুলি আশা কৰা হৈছে । এই সন্দৰ্ভত পাকিস্তান আৰু চীন উভয়ৰে নিৰাপত্তা বিশেষজ্ঞসকলে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক প্ৰশংসা কৰিছে ।

INS আৰিঘাট হৈছে অৰিহন্ত শ্ৰেণীৰ চাবমেৰিনৰ উন্নীত সংস্কৰণ আৰু বিশাখাপট্টনমৰ ভাৰতীয় নৌসেনাৰ জাহাজ নিৰ্মাণ কেন্দ্ৰ (এছ বি চি)ত নিৰ্মাণ কৰা হৈছিল । ইয়াত INS অৰিহন্তৰ দৰে 750 কিলোমিটাৰ দূৰত্বৰ K-15 ক্ষেপণাস্ত্ৰ সংযুক্ত কৰা হ’ব যদিও ইয়াতকৈ অধিক কঢ়িয়াই নিব পৰা ক্ষমতা থাকিব ।

2017 চনত এডভান্সড টেকন’লজি ভেচেল (এ টি ভি) প্ৰকল্পৰ অধীনত আৰম্ভ হোৱা এই জাহাজখনৰ নাম প্ৰথমে আই এন এছ অৰিধমান আছিল যদিও পিছলৈ ইয়াৰ নাম সলনি কৰি আই এন এছ অৰিঘাট কৰা হয় ।

উৎক্ষেপণৰ পিছত আভ্যন্তৰীণ বিভাগসমূহৰ সঁজুলি ঠিক কৰা, ৰাডাৰ ব্যৱস্থাটোক আধুনিক প্ৰযুক্তি আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰা আদি গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰা হয় । একাধিক পৰ্যায়ত সাগৰীয় পৰীক্ষা কৰা হৈছিল । ইয়াৰ পূৰ্বে সিঙে বিশাখাপট্টনম নৌসেনা ঘাটি পৰিদৰ্শন কৰিছিল য’ত তেওঁক নৌসেনা কৰ্তৃপক্ষই ‘আই এন এছ আৰিঘাট’ৰ বিষয়ে অৱগত কৰিছিল ।

INS অৰিঘাটৰ বৈশিষ্ট্যসমূহ

দৈৰ্ঘ: 111.6 মিটাৰ

প্ৰস্থ: 11 মিটাৰ

গভীৰতা (ড্ৰাফ্ট): 9.5 মিটাৰ

গতি: সাগৰৰ পৃষ্ঠত প্ৰতি ঘণ্টাত 12 ৰ পৰা 15 নটিকেল মাইল (22-28 কিলোমিটাৰ)।

সাগৰীয় পানীত: 24 নটিকেল মাইল

অতিৰিক্ত সুবিধা: সোনাৰ যোগাযোগ ব্যৱস্থা, সাগৰীয় ক্ষেপণাস্ত্ৰ, বিকিৰণ বিৰোধী নিৰাপত্তাৰ ব্যৱস্থা

ভাৰতৰ চৰকাৰী প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ দ্বাৰা নিৰ্মিত 12 টা K-15 সাগৰিকা চাবমেৰিন লঞ্চড বেলিষ্টিক মিছাইল (এছ এল বি এম)ৰে সজ্জিত এই চাবমেৰিনখন । সাগৰিকা হৈছে হাইব্ৰিড প্ৰপালচন, দুটা পৰ্যায়ৰ, কঠিন প্ৰপেলেণ্ট মিছাইল ।

লগতে পঢ়ক: অগ্নিকাণ্ডত বিস্তৰ ক্ষতি আইএনএছ ব্ৰহ্মপুত্ৰৰ - INS Brahmaputra

কেৱল চেনি গ্ৰহণ কৰিয়েই জীয়াই থকা এবিধ প্ৰাণীৰ বিষয়ে... - Facts about Bats

বুলেটপ্ৰেমীৰ বাবে সুখবৰ ! ভাৰতত মুকলি হ’ল চলিত বৰ্ষৰ Royal Enfield Classic 350 - 2024 Royal Enfield Classic 350

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.