ETV Bharat / technology

নিষিদ্ধ ঘোষিত হ’ব নেকি মেছেজিং এপ টেলিগ্ৰাম : কি কয় চৰকাৰী বিষয়াই ? - Telegram Messenger in India

author img

By ETV Bharat Tech Team

Published : Aug 26, 2024, 6:14 PM IST

Telegram to be banned: ভাৰতত নিষিদ্ধ কৰা হ’ব পাৰে নেকি মেছেজিং এপ টেলিগ্ৰাম ? সংবাদ মাধ্যমৰ আগত কি কয় চৰকাৰী বিষয়াই । 24 আগষ্টৰ দিনা পেৰিছত গ্ৰেপ্তাৰ কৰা হৈছিল টেলিগ্ৰামৰ চিইঅ’ পাভেল ডুৰভক ৷ ইয়াৰ পাচতে এপটোৰ তদন্ত আৰম্ভ কৰিছে ভাৰত চৰকাৰে ৷

government is investigating Telegram
নিষিদ্ধ ঘোষিত হ’ব নেকি মেছেজিং এপ টেলিগ্ৰাম (ETV Bharat (File Photo))

নিউজ ডেস্ক, 26 আগষ্ট: মেছেজিং এপ টেলিগ্ৰামৰ মুখ্য কাৰ্যবাহী বিষয়া পাভেল ডুৰভক 24 আগষ্টৰ দিনা গ্ৰেপ্তাৰ কৰা হৈছিল ফ্ৰান্সৰ এটা বিমানবন্দৰত । ইয়াৰ পাচতেই উদ্বেগ বৃদ্ধি পাইছে টেলিগ্ৰাম ব্যৱহাৰকাৰীসকলৰ মাজত ৷ ধন দাবী, জুৱা আদি অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত মুখ্য কাৰ্যবাহী বিষয়াগৰাকী গ্ৰেপ্তাৰ হোৱাৰ পাচতে বিষয়টো সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে ভাৰত চৰকাৰে আৰু টেলিগ্ৰামৰ তদন্ত আৰম্ভ কৰিছে ।

তদন্ত সন্দৰ্ভত চৰকাৰী বিষয়াৰ মতামত

Moneycontrol ৰ সৈতে হোৱা কথা-বতৰাত এগৰাকী চৰকাৰী বিষয়াই এই সন্দৰ্ভত কয়, "তদন্তৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি মেছেজিং এপতো নিষেধাজ্ঞা আৰোপ কৰিব পাৰি । এপটোত অপৰাধমূলক কাৰ্যকলাপ বন্ধ কৰিব নোৱাৰাৰ বাবেই ডুৰভক আটক কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ আছে ।"

চৰকাৰী বিষয়াগৰাকীয়ে পুনৰ কয়, “ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (I4C) (গৃহ মন্ত্ৰণালয়ৰ অধীনত) আৰু MeitY টেলিগ্ৰামত পি টু পি যোগাযোগৰ তদন্ত কৰি আছে । গৃহ পৰিক্ৰমা মন্ত্ৰণালয় আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে চলাই থকা তদন্তত বিশেষভাৱে ধন দাবী আৰু জুৱাৰ দৰে অপৰাধমূলক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।"

ভাৰতত 50 লাখতকৈ অধিক পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী থকা এই প্লেটফৰ্মক ব্লক কৰিব পৰা যাব বুলি বিষয়াগৰাকীয়ে অস্বীকাৰ কৰা নাই যদিও তদন্তত যি পোহৰলৈ আহিব তাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা হ’ব বুলিও কয় । শেহতীয়া বছৰবোৰত টেলিগ্ৰাম আৰু আন কিছুমান ছ’চিয়েল মিডিয়া প্লেটফৰ্মত অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হোৱা পৰিলক্ষিত হৈছে, য’ত কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱা কেলেংকাৰীও অন্তৰ্ভুক্ত বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে ।

শেহতীয়াকৈ UGC-NEET বিতৰ্কক লৈ টেলিগ্ৰামে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল, যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিল । মেডিকেল প্ৰৱেশ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ লগতে এনক্ৰিপ্ট কৰা মেছেজিং এপ টেলিগ্ৰামত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছিল বুলি প্ৰকাশ হৈছিল । প্ৰতিবেদন অনুসৰি এই প্লেটফৰ্মত প্ৰশ্নকাকত 5 হাজাৰৰ পৰা 10 হাজাৰ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছিল ।

প্ৰত্যাহ্বানৰ সন্মুখীন তদন্ত প্ৰক্ৰিয়া

I4C আৰু MeitY-এ তদন্ত কৰি থকা উলংঘাসমূহ তথ্য প্ৰযুক্তি (IT) নিয়মৰ সৈতে জড়িত নহয় । বিষয়াগৰাকীয়ে কয় যে “প্লেটফৰ্মটো আই টিৰ নিয়ম মানি চলিছে । আই টিৰ নিয়ম অনুসৰি টেলিগ্ৰামৰ দৰে প্লেটফৰ্মত ন’ডেল অফিচাৰ আৰু মুখ্য কম্প্লাইয়েন্স অফিচাৰ নিযুক্তি দি মাহেকীয়া কম্প্লাইয়েন্স ৰিপ’ৰ্ট প্ৰকাশ কৰিব লাগিব ।"

সূত্ৰটোৱে কয় যে "টেলিগ্ৰামৰ সৈতে মোকাবিলা কৰাত অসুবিধা হৈছে কাৰণ ভাৰতত তেওঁলোকৰ কোনো উপস্থিতি নাই । ভাৰতত কাম নকৰা প্লেটফৰ্মসমূহৰ তদন্তৰ ক্ষেত্ৰত কৰ্তৃপক্ষই প্ৰায়ে প্ৰত্যাহ্বানৰ সন্মুখীন হয় । স্থানীয় কাৰ্যালয়ৰ অনুপস্থিতিয়ে প্ৰত্যক্ষ যোগাযোগত বাধাৰ সৃষ্টি কৰে, যাৰ ফলত ব্যৱহাৰকাৰীৰ তথ্য বিচৰাৰ প্ৰচেষ্টা জটিল হৈ পৰে ।"

বিষয়াগৰাকীয়ে কয়, "আমি লাভ কৰা তদন্ত আৰু আমাৰ আইনৰ ভিত্তিত এটা সিদ্ধান্তত উপনীত হ’ম । টেলিগ্ৰামত মডাৰেটৰৰ অভাৱৰ তদন্ত কৰি থকা বুলি জানিব পৰা গৈছে । এই পৰিস্থিতিৰ বাবে মেছেজিং এপটোত অপৰাধমূলক কাৰ্যকলাপ অবিৰতভাৱে চলি থাকিবলৈ সক্ষম হোৱা বুলি অভিযোগ উত্থাপন হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।"

26 আগষ্টৰ পুৱা এটা বিবৃতিত কোম্পানীটোৱে কয়, "টেলিগ্ৰামৰ চিইঅ' পাভেল ডুৰভৰ লুকুৱাবলৈ একো নাই আৰু তেওঁ সঘনাই ইউৰোপ ভ্ৰমণ কৰে । বিশ্বজুৰি প্ৰায় এক বিলিয়ন ব্যৱহাৰকাৰীয়ে টেলিগ্ৰামৰ জৰিয়তে যোগাযোগৰ মাধ্যম আৰু গুৰুত্বপূৰ্ণ তথ্যৰ আদান-প্ৰদান কৰে । আমি এই পৰিস্থিতিৰ বাবে যিকোনো প্লেটফৰ্ম বা ইয়াৰ স্বত্বাধিকাৰীক সেই প্লেটফৰ্মৰ অপব্যৱহাৰৰ বাবে দায়ী বুলি দাবী কৰাটো অৰ্থহীন ।"

লগতে পঢ়ক: গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ টেলিগ্ৰামৰ মুখ্য কাৰ্যবাহী বিষয়া পাভেল ডুৰভ : আজি আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা - Telegram Chief arrested in Airport

যেন মহাভাৰতৰ কৌৰৱ বাহিনীহে ! ১০০ সন্তানৰ পিতৃ পাভেল ডুৰভ - Telegram CEO Pavel Durov

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.