ETV Bharat / technology

টাটা নেক্সন চি এন জি সংস্কৰণত উপলব্ধ হ’ব দুটাকৈ গিয়াৰবক্স - Tata Nexon CNG

author img

By ETV Bharat Tech Team

Published : Aug 25, 2024, 12:42 PM IST

Tata Nexon CNG: টাটা মটৰ্ছে শীঘ্ৰে বজাৰত মুকলি কৰিব তেওঁলোকৰ জনপ্ৰিয় কম্পেক্ট এছ ইউ ভি টাটা নেক্সনৰ চি এন জি সংস্কৰণ । কোম্পানীয়ে এই গাড়ীখন দুটা গিয়াৰবক্স বিকল্পৰ সৈতে আগবঢ়াব পাৰে, য’ত এটা অটোমেটিক গিয়াৰবক্সো থাকিব বুলি চৰ্চা চলিছে ।

Tata Nexon Could Get AMT Gearbox
টাটা নেক্সন চি এন জি সংস্কৰণত উপলব্ধ হ’ব দুটাকৈ গিয়াৰবক্স (TATA Motors)

নিউজ ডেস্ক, 25 আগষ্ট: ঘৰুৱা গাড়ী নিৰ্মাতা কোম্পানী টাটা মটৰ্ছে 2024 বৰ্ষত বজাৰত মুকলি কৰিছিল জনপ্ৰিয় কম্পেক্ট এছ ইউ ভি টাটা নেক্সনৰ ফেচলিফ্ট সংস্কৰণ । বৰ্তমান পৰ্যন্ত গাড়ীখন কেবল পেট্ৰ’ল আৰু ডিজেল ইঞ্জিনেৰেহে চালিত হৈছিল যদিও এতিয়া কোম্পানীটোৱে অতি সোনকালে ভাৰতীয় বজাৰত নিজৰ চিএনজি ভেৰিয়েণ্ট মুকলি কৰিবলৈ ওলাইছে । উল্লেখ কৰা প্ৰয়োজন যে, টাটা মটৰ্ছে জানুৱাৰী মাহত অনুষ্ঠিত ভাৰত মবিলিটি শ্ব’ত নিজৰ চিএনজি ভেৰিয়েণ্ট প্ৰদৰ্শন কৰিছিল ।

বৰ্তমান কোম্পানীটোৱে নিজৰ ক’পে-এউভি টাটা কাৰ্ভিভৰ পেট্ৰ’ল আৰু ডিজেল সংস্কৰণ প্ৰৱৰ্তনৰ বাবে প্ৰস্তুতি চলাইছে । মুকলি কৰাৰ পিছত কোম্পানীটোৱে টাটা নেক্সনৰ চিএনজি সংস্কৰণ বজাৰত মুকলি কৰিব । নতুন টাটা নেক্সন আইচিএনজিৰ বিষয়ে শেহতীয়াকৈ ওলোৱা তথ্য অনুসৰি কোম্পানীটোৱে দুটা গিয়াৰবক্স বিকল্পৰ সৈতে নিজৰ আইচিএনজি সংস্কৰণ মুকলি কৰিব পাৰে ।

ভাৰত মবিলিটি শ্ব’ত প্ৰদৰ্শিত হৈছিল চিএনজি মডেল

আপোনালোকক জনাও যে ভাৰত মবিলিটি শ্ব’ত টাটা মটৰ্ছে প্ৰদৰ্শন কৰা টাটা নেক্সন আইচিএনজিৰ মডেলটো 5 স্পীড মেনুৱেল গিয়াৰবক্সৰ সৈতে আছিল । কিন্তু এতিয়া তথ্য প্ৰকাশ পাইছে যে কোম্পানীটোৱে এই কমপেক্ট এছ ইউ ভিৰ চি এন জি সংস্কৰণটোও অটোমেটিক গিয়াৰবক্সৰ সৈতে বজাৰত মুকলি কৰিব পাৰে ।

বাহ্যিক-আভ্যন্তৰীণ কোনো পৰিৱৰ্তন নহয়

গাড়ীখনৰ ৰূপ আৰু বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে নতুন টাটা নেক্সন আইচিএনজিৰ বাহ্যিক, আভ্যন্তৰীণ আৰু সঁজুলিৰ তালিকা ইয়াৰ ষ্টেণ্ডাৰ্ড এছইউভিৰ সৈতে একে হ’ব । অৱশ্যে চিএনজি চিলিণ্ডাৰৰ ওজন বহন কৰিবলৈ ইয়াৰ ছাচপেনচন চেটআপত কিছু পৰিৱৰ্তন কৰা হ’ব । ইয়াৰ উপৰিও লাইন আপত ইয়াক এক সুকীয়া পৰিচয় দিবলৈ iCNG বেজিংও দিব পাৰি ।

টাৰ্বো ইঞ্জিন ব্যৱহাৰ হ’ব পাৰে

টাটা নেক্সন চিএনজি ইয়াৰ বিশুদ্ধ পেট্ৰ’লৰ সমকক্ষৰ দৰে 1.2 লিটাৰৰ টাৰ্বোচাৰ্জড 3 চিলিণ্ডাৰ ইঞ্জিনৰ সৈতে বজাৰত মুকলি কৰা হ’ব, যাৰ ফলত ই ভাৰতৰ প্ৰথমখন টাৰ্বোচাৰ্জড ইঞ্জিনযুক্ত চিএনজি বাহন । এএমটি গিয়াৰবক্স সংযোজনৰ লগে লগে নেক্সন হ’ব টিগ’ৰ আৰু টিয়াগোৰ পিছত চিএনজি-এএমটি কম্বিনেচন আগবঢ়োৱা তৃতীয়টো টাটা প্ৰডাক্ট ।

ভাৰতত উপলব্ধ কেইটামান মডেলৰ ভিতৰত টাটা নেক্সনো এনে এক মডেল য’ত চিএনজি, পেট্ৰ’ল, ডিজেল আনকি ইভিকে ধৰি বিভিন্ন ধৰণৰ পাৱাৰট্ৰেইন বিকল্প থাকিব । ভাৰতীয় বজাৰত টাটা নেক্সন চিএনজিয়ে মাৰুতি চুজুকিৰ ব্ৰেজা চিএনজিক কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰাব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: আইফোন 16 ৰ লগতে বজাৰত শীঘ্ৰে মুকলি হোৱাৰ সম্ভাৱনা এয়াৰপ’ড, ঘড়ী : ব্লুমবাৰ্গ - iPhone 16 Series Launch soon

সৰ্বাধিক মাইলেজ প্ৰদান কৰা 5 খন মটৰ চাইকেল - Best Mileage Bikes

83,598 মূল্যত ভাৰতবৰ্ষত মুকলি 2024 বৰ্ষৰ হিৰো গ্লেমাৰ - 2024 Hero Glamour 125

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.