ETV Bharat / technology

সাৱধান ! অধিক চিম কাৰ্ডে বিপদ মাতিব আপোনালৈ… - how many sim cards one can have

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 3:20 PM IST

How many sim cards one can have: আপোনাৰ নামত অত্যধিক চিম কাৰ্ড আছে নেকি ? তেন্তে আপুনি সতৰ্ক হোৱাৰ সময় আহি পৰিল । ইয়াৰ কাৰণ হৈছে দূৰসংযোগ আইন-2023 অনুসৰি, এজন ব্যক্তিৰ সৰ্বাধিক 9 খন চিম কাৰ্ড থাকিব পাৰে । যদি আপুনি জানিব বিচাৰে যে আপোনাৰ নামত কিমানখন চিম কাৰ্ড আছে, তেন্তে আগলৈ স্ক্ৰ’ল কৰক, মাথো এক মিনিটতে জানিব পাৰি এই কথা-

how to check how many sim cards in your name and sim cards new rules
অধিক চিম কাৰ্ডে বিপদ মাতিব আপোনালৈ (Canva)

প্ৰয়োজনীয়তা নাথাকিলেও, সেৱা প্ৰদানকাৰী কোম্পানীবোৰ আগবঢ়োৱা অফাৰবোৰৰ দ্বাৰা আকৰ্ষিত হৈ বহুতেই চাৰিৰ পৰা পাঁচখনলৈকে চিম কাৰ্ড ক্ৰয় কৰে । যেতিয়াই তেওঁলোকৰ প্ৰয়োজনীয়তা শেষ হয়, তেতিয়াই মানুহে চিম কাৰ্ডবোৰ ব্যৱহাৰ কৰা বন্ধ কৰি দিয়ে । তেওঁলোকে পুনৰ নতুন চিম কাৰ্ড লয় আৰু সেইবোৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে । সাধাৰণতে এজন মানুহৰ নামত এখনতকৈ অধিক চিম কাৰ্ড থাকেই ৷ অৱশ্যে, টেলিকম আইন-2023-ৰ ব্যৱস্থা অনুসৰি, এজন ব্যক্তিৰ সৰ্বাধিক 9 খনলৈকেহে চিম কাৰ্ড থাকিব পাৰে । আপুনি জানিব বিচাৰিছে নেকি যে আপোনাৰ নামত কিমানখন চিম কাৰ্ড আছে ?

টেলিকমিউনিকেশ্যন এক্ট-২০২৩ অনুসৰি এজন ব্যক্তিৰ হাতত সৰ্বাধিক ৯ খন চিম কাৰ্ড থাকিব পাৰে । জম্মু-কাশ্মীৰ, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত সেৱা এলেকা (এল এছ এ) ত সৰ্বাধিক ৬ খন চিম কাৰ্ড এজন ব্যক্তিৰ নামত থাকিব পাৰে । এই নিয়ম ২০২৪ চনৰ ২৬ জুনৰ পৰা বলবৎ হৈছে । এই সীমাৰ বাহিৰত যদি আপোনাৰ চিম কাৰ্ড আছে তেন্তে সৰ্বোচ্চ ২ লাখ টকাৰ জৰিমনা আৰু তিনি বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব ।

আপোনাৰ নামত কিমান চিম কাৰ্ড আছে পৰীক্ষা কৰক :

  1. 'সঞ্চাৰ সাথী'ৰ ৱেবছাইটৰ জৰিয়তে আমি জানিব পাৰো আমাৰ নামত কিমান চিম কাৰ্ড আছে ।
  2. প্ৰথমে আপুনি সঞ্চাৰ সাথীৰ অফিচিয়েল ৱেবছাইট https://www.sancharsaathi.gov.in/ খুলিব লাগিব ।
  3. হোমপেজত, নাগৰিক কেন্দ্ৰিক সেৱা বিকল্পত ক্লিক কৰক ।
  4. ইয়াৰ পিছত Know Your Mobile Connection বিকল্পত ক্লিক কৰক ।
  5. ইয়াৰ পিচত আপুনি আপোনাৰ বৰ্তমানৰ মোবাইল নম্বৰ, captcha আৰু Validate Captcha ত ক্লিক কৰিব লাগিব ।
  6. এবাৰ কেপচা বৈধ হ’লে আপোনাৰ ফোনলৈ এখন অ’টিপি প্ৰেৰণ কৰা হ’ব । এইটো অন্তৰ্ভুক্ত কৰক ৷
  7. ইয়াৰ পিচত এটা নতুন ৱেবপেজ খোল খাব । ই দেখুৱায় যে আপোনাৰ নামত কিমানখন সংযোগ (চিম কাৰ্ড) আছে ।
  8. এই চিম কাৰ্ডসমূহৰ কাষত মোৰ নম্বৰ নহয়, প্ৰয়োজনীয় নহয় আৰু প্ৰয়োজনীয় এইধৰণে তিনিটা বিকল্প ওলাব ।
  9. আপোনাৰ অজ্ঞাতে আপোনাৰ নামত সক্ৰিয় চিম কাৰ্ডখন সংযোগহীন কৰিবলৈ Not My Numberত ক্লিক কৰক ।
  10. আপোনাৰ আৰু প্ৰয়োজন নোহোৱা চিম কাৰ্ডখন সংযোগহীন কৰিবলৈ Not Required ক্লিক কৰক।
  11. যদি আপোনাৰ নামত প্ৰয়োজনীয় চিম কাৰ্ড আছে Required ত ক্লিক কৰক ।
  12. আপুনি Required বিকল্পটোত ক্লিক নকৰিলেও কোনো কথা নাই ।

আপোনাৰ ওচৰত ইতিমধ্যে বহুতো চিম কাৰ্ড আছে নেকি ?

যদি আপোনাৰ একাধিক চিম কাৰ্ড আছে, 7 ডিচেম্বৰ, 2021 তাৰিখে দূৰসংযোগ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি সেইবোৰ পুনৰ পৰীক্ষা কৰিব লাগিব । অৰ্থাৎ, যদি আপোনাৰ ওচৰত 9 খনতকৈ অধিক চিম কাৰ্ড আছে, তেন্তে সেইবোৰ পুনৰ পৰীক্ষা কৰিব লাগিব বা চিমবোৰ সমৰ্পণ বা বদলি কৰিব লাগিব । যদি আপোনাক সেইবোৰৰ আৰু প্ৰয়োজন নহয় তেন্তে আপুনি সেইবোৰ সংযোগহীন কৰিব পাৰে । বিশেষজ্ঞসকলে কয় যে যদি আপুনি নতুন দূৰসংযোগ আইন-2023 ৰূপায়ণৰ আগতে 9 খনতকৈ অধিক চিম লৈছে, তেন্তে নিয়ম অনুসৰি আপোনাক জৰিমনা দিয়া নহয় । অৱশ্যে, অপ্ৰয়োজনীয় চিম ব্যৱহাৰ নকৰাই ভাল ।

লগতে পঢ়ক : হোৱাটছএপ আৰু ফেচবুকত দেখিবলৈ পোৱা নীলা বৃত্তটোৱে ভবাই তুলিছে নেকি আপোনাক ? - Meta AI llama on platforms

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.