হায়দৰাবাদ: দক্ষিণ কোৰিয়াৰ কোম্পানী ছেমছাঙে দীৰ্ঘদিন ধৰি ট্ৰিপল ফল্ডেবল স্মাৰ্টফোনৰ কাম কৰি থকা বুলি চৰ্চা চলি আহিছে । শেহতীয়া এক নতুন প্ৰতিবেদন অনুসৰি কোম্পানীটোৱে 2026 চনত প্ৰথমটো ট্ৰিপল ফল্ডেবল স্মাৰ্টফোন মুকলি কৰিবলৈ ওলাইছে । গেলাক্সি জেড ফল্ড 7 আৰু গেলাক্সি জেড ফ্লিপ 7 স্মাৰ্টফোন মুকলি কৰাৰ পিছত কোম্পানীটোৱে এই ট্ৰিপল ফল্ডেবল ফোনটো মুকলি কৰিব ।
কোম্পানীটোৱে 2025 চনৰ দ্বিতীয়াৰ্ধত গেলাক্সি জেড ফল্ড 7 আৰু গেলাক্সি জেড ফ্লিপ 7 স্মাৰ্টফোন মুকলি কৰাৰ পৰিকল্পনা কৰিছে । দুয়োটা স্মাৰ্টফোনতে বৃহৎ ডিছপ্লে থাকিব । ইয়াৰ লগতে কোম্পানীটোৱে ছেমছাং গেলেক্সি জেড ফ্লিপ 6 এফ ই অধিক সুলভ মূল্যত উপলব্ধ কৰাৰ লক্ষ্য লৈছে ।
ভাজ কৰিব পৰা স্মাৰ্টফোনটোৰ বিষয়ে বিশেষ তথ্য প্ৰকাশ কৰা নাই ছেমছাঙে । কিন্তু পুৰণি প্ৰতিবেদনলৈ চালে ইয়াত প্ৰায় 9-10 ইঞ্চিৰ ডিছপ্লে থাকিব বুলি উল্লেখ কৰা হৈছিল ।
ছেমছাঙৰ প্ৰথমটো ট্ৰাই ফল্ডেবল স্মাৰ্টফোনে চীনৰ কোম্পানী হুৱেইৰ হুৱেই মেট এক্সটি আলটিমেটৰ সৈতে বিশ্বৰ প্ৰথমটো ট্ৰাই ফল্ডিং স্মাৰ্টফোনৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব । হুৱেইৰ ট্ৰাই ফল্ডেবল ফোনটো চীনত মুকলি কৰা হৈছিল আৰু আন দেশত উপলব্ধ নহয় ।
2026 চনত আহিব পাৰে ভাঁজ কৰিব পৰা আইফোন
আন কিছুমান ফাদিল হোৱা তথ্য অনুসৰি, বিশ্বৰ অন্যতম বৃহৎ স্মাৰ্টফোন নিৰ্মাতা এপলে নিজৰ প্ৰথমটো ভাঁজ কৰিব পৰা আইফোন মুকলি কৰাৰ পৰিকল্পনা কৰিছে । 2026 চনৰ দ্বিতীয়াৰ্ধত কোম্পানীটোৱে ইয়াক মুকলি কৰিব পাৰে । এইটো ফ্লিপ ষ্টাইল ডিজাইনৰ সৈতে আহিব আৰু ইয়াত এপলৰ বুদ্ধিমত্তাৰ বৈশিষ্ট্য থাকিব ।
আশা কৰা হৈছে যে এপলৰ ফল্ডেবল আইফোনৰ আগমনৰ পিছত বিশ্বব্যাপী ফল্ডেবল স্মাৰ্টফোনৰ বজাৰখনে এক শক্তি লাভ কৰিব । এই খণ্ডৰ বাবে ফল্ড আইফোনে বুষ্টাৰ ড’জ প্ৰদান কৰিব পাৰে । কাৰণ শেহতীয়াকৈ বজাৰখনৰ গতি লেহেমীয়া হৈছে । যিহেতু যুৱক-যুৱতী আৰু চেলিব্ৰিটিসকলৰ মাজত আইফোনৰ প্ৰতি উন্মাদনা আছে, গতিকে ভাঁজ কৰিব পৰা আইফোনটোৱে সফলতা লাভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে ।