ETV Bharat / technology

নাৰী নিৰ্যাতন : এইকেইবিধ সামগ্ৰী আপোনাৰ সৈতে আছে যদি আপুনি নিৰাপদ ! - Women safety and security

author img

By ETV Bharat Tech Team

Published : Sep 4, 2024, 12:47 PM IST

Women Safety Gadgets: মহিলাৰ বিৰুদ্ধে বিভিন্ন অপৰাধৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে । যাৰ বাবে মহিলাসকলে বাহিৰলৈ ওলাই যাবলৈ শংকাবোধ কৰিবলৈ লৈছে । অৱশ্যে এনে ক্ষেত্ৰত মহিলাক সুৰক্ষা প্ৰদানৰ বাবে বজাৰত বহুতো গেজেট উপলব্ধ । ক’ত কেনেকৈ উপলব্ধ এই গেজেটবোৰ আৰু পৰিচালনা কেনেকৈ কৰিব ? জানক আমাৰ বিস্তৃত প্ৰতিবেদনযোগে---

safety gadgets that will make a womans life easy
নাৰী নিৰ্যাতন : এইকেইবিধ সামগ্ৰী বেগত আছে যদি আপুনি নিৰাপদ ! (ETV Bharat (File Photo))

নিউজ ডেস্ক, 4 ছেপ্টেম্বৰ: দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নাৰীৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা ৷ আইন-প্ৰশাসন পূৰ্বতকৈ এইক্ষেত্ৰত যথেষ্ট সতৰ্ক হৈছে যদিও হ্ৰাস হোৱা নাই এনে ঘটনাৰ সংখ্যা ৷ যাৰ ফলত এতিয়া নাৰীয়ে নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰিবলগীয়া হৈছে ৷ নাৰীয়ে কি কি সামগ্ৰী ব্যৱহাৰ নিজৰ সৈতে ৰাখি, কেনেদৰে নিজৰ সুৰক্ষা কৰিব পাৰে সেই সন্দৰ্ভত আমি তলত উল্লেখ কৰিলো---

এলাৰ্ম কীচেইন: যেতিয়া মহিলা অথবা ছোৱালীক অকলে খোজকাঢ়ি অহাৰ সময়ত আক্ৰমণকাৰীয়ে আক্ৰমণ কৰে সেই সময়ত এই এলাৰ্ম কীচেইন উপযোগী । দুস্কৃতিকাৰীয়ে নাৰীগৰাকীক প্ৰথমে মুখখনত সোপা দি ধৰে । আনকি ভুক্তভোগীয়ে জোৰকৈ চিঞৰিলে মুখ ঢাকি বা মুখত কাপোৰ সোপা দি দিয়ে ।

সেই ক্ষেত্ৰত, যদি আপুনি এই কিচেইনৰ ওপৰৰ কি'টো টানে আৰু সন্মুখৰ বুটামটো দুবাৰ টিপে, এলাৰ্মটো এটা ডাঙৰ শব্দৰ সৈতে বাজিব । তেতিয়া ভুক্তভোগীৰ চৌপাশৰ মানুহবোৰ সতৰ্ক হৈ পৰিব । যদি সেই সময়ত আপোনাৰ আশে-পাশে কোনো নাথাকে, তেন্তে এই কিচেইনৰ কাষৰ বুটামটো টিপিলে সন্মুখৰ LED লাইটটো জ্বলি উঠিব । আপুনি ইয়াক আনজনৰ চকুত কেন্দ্ৰীভূত কৰি বিপদৰ পৰা সাৰিব পাৰে ।

তাৰ পিছত এলাৰ্ম বন্ধ কৰিবলৈ কিচেইনৰ সন্মুখৰ বুটামটো টিপি ধৰি ৰাখক ।

এই গেজেটটো বাহিৰলৈ ওলোৱাৰ আগতে নাৰীগৰাকীয়ে আঙুলিত বা বেগ বা ডিঙিত থকা লগাই ল’ব পাৰে ।

পেপাৰ স্প্ৰে’

মহিলাৰ আত্মৰক্ষাৰ বাবে পেপাৰ স্প্ৰে’ৰ বটল অতি উপযোগী । বিপদৰ সময়ত দুস্কৃতিকাৰীৰ চকুত স্প্ৰে’ কৰিলে খজুৱতি আৰু জ্বলনি-পোৰণিৰ সৃষ্টি হয় । বিপদৰ ভয়াৱহতাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ চকুত যিমানবাৰ প্ৰয়োজন সিমানবাৰ স্প্ৰে’ কৰি নিজক বচাব পাৰি । যাৰ ফলত বিপদৰ পৰা ৰক্ষা পাব পাৰি ।

মহিলাসকলে বাহিৰলৈ ওলাই যোৱাৰ সময়ত হেণ্ডবেগত পেপাৰ স্প্ৰে’ কঢ়িওৱাটো ভাল ।

আঙুঠি

ওপৰত উল্লেখিত গেজেটবোৰ আমি পৰিচালনা কৰিব নোৱাৰিবও পাৰো । কিন্তু এনে পৰিস্থিতিৰ সময়ত এই ‘ফিংগাৰ টিপ ৰিং’বোৰে আমাক সহায় কৰিব পাৰে । ৰাতি অকলে ওলাই যাবলগীয়া হ’লে এই বিশেষ আঙুঠিবোৰ নখত পিন্ধিলে বিপদৰ সময়ত সহায়ক হ’ব ।

Stealodeal Key Chain

বিপদৰ সময়ত মহিলাৰ বাবে এই keychain উপযোগী । ইয়াত টৰ্চ, স্ক্ৰু ড্ৰাইভাৰ, কটাৰী, বটল খোলা আদি বিভিন্ন সঁজুলি থাকে । বিপদৰ সময়ত এইবোৰেৰে আক্ৰমণকাৰীক আক্ৰমণ কৰি বিপদৰ পৰা ৰক্ষা পৰিব পাৰে । ইয়াৰ ওজন অতি লঘু ৷ গতিকে বাহিৰলৈ ওলাই যোৱাৰ সময়ত ইয়াক সহজে কঢ়িয়াই নিব পাৰি ।

আঙুলিৰ লগত সংলগ্ন নহ’লে বেগ বা ডিঙিৰ চেইনত লগাই ল’ব পাৰি ।

ৰেড চিলি স্প্ৰে’

মহিলা আৰু ছোৱালীয়ে বাহিৰলৈ ওলাই যোৱাৰ সময়ত বেগত ৰেড চিলি স্প্ৰে’ৰ বটল এটা লৈ যোৱা উচিত । নিশা অকলে যাত্ৰা কৰি থকা অৱস্থাত আক্ৰমণকাৰীয়ে আক্ৰমণ কৰিলে তৎক্ষণাত চকুত ছটিয়াই দিলে দুস্কৃতিকাৰীৰ চকুত তীব্ৰ জ্বলা-পোৰাৰ সৃষ্টি হ’ব । ইয়াৰ পাচতে ভুক্তভোগীয়ে বিপদৰ পৰা ৰক্ষা পাব পাৰে ।

জৰুৰীকালীন অৱস্থাত মহিলাসকলক সুৰক্ষা দিয়াৰ বাবে এই হেণ্ড-ফ্ৰেণ্ডলী গেজেটসমূহ অতি উপযোগী । এইবোৰ ফ্লিপকাৰ্ট আৰু আমাজনৰ দৰে এপত উপলব্ধ । গুণগত মান, ৰং আৰু ডিজাইনৰ ওপৰত নিৰ্ভৰ কৰি বজাৰত বিভিন্ন মূল্যত উপলব্ধ এই সুৰক্ষা গেজেটবোৰ । কিছু পৰিমাণে হ’লেও এইবোৰে বিপদৰ সময়ত আমাৰ বাবে ঢালসদৃশ কাম কৰে ।

লগতে পঢ়ক: মহিলা-শিশুৰ ওপৰত নিৰ্যাতনৰ গোচৰ : সময়নিৰ্ধাৰিত ন্যায় প্ৰদানেই একমাত্ৰ চাবি-কাঠী - Crime Against Women Children

পৰিয়ালৰ মহিলা সদস্যৰ নিৰাপত্তাক লৈ আপুনিও চিন্তিত নেকি : এতিয়াই ইনষ্টল কৰক এইকেইটা এপ - Women Safety APPs

বৰ্তমান সমাজত কিমান সুৰক্ষিত মহিলা ? - Women safety and security

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.