হায়দৰাবাদ: Realme 12x মুকলি কৰাৰ পিছত কোম্পানীটোৱে 13x ৰ পৰিৱৰ্তে Realme 14x ভাৰতত মুকলি কৰিব বুলি বাতৰি প্ৰচাৰ হৈছে । 91 ম’বাইলৰ এক প্ৰতিবেদন অনুসৰি অহা 18 ডিচেম্বৰ, 2024 ত ভাৰতীয় বজাৰত মুকলি কৰা হ’ব এই স্মাৰ্টফোনটো ।
আন এক প্ৰতিবেদনৰ পৰা তথ্য লাভ কৰা হৈছে যে এই স্মাৰ্টফোনটোক নতুন ডিজাইন দিয়া হ’ব আৰু বেটাৰীৰ ক্ষমতাও বৃদ্ধি কৰা হ’ব । ইয়াৰ বাহিৰেও ইয়াত ধূলি নিবাৰণ আৰু পানী নোসোমাব পৰা বডি ব্যৱহাৰ কৰা হ’ব বুলি কোৱা হয় । এই ফোনটোত আৰু কি কি পোৱা যাব জানো আহক---
Realme 14x ডিজাইন আৰু বৈশিষ্ট্য
টিপষ্টাৰ অভিষেক যাদৱৰ মতে, আগন্তুক Realme 14x ইয়াৰ পূৰ্বৰ মডেলতকৈ বেলেগ ডিজাইনৰ সৈতে আহিব, ইয়াৰ দ্বাৰা চাৰ্কুলাৰ কেমেৰাৰ ৰিং আঁতৰাই কেমেৰাৰ লেআউটটো সহজ হ’ব । ডিভাইচটোত ট্ৰিপল কেমেৰা ছেটআপ থকা বুলি জানিব পৰা গৈছে, যিটো বেক পেনেলৰ ওপৰত উলম্বভাৱে ৰখা হৈছে, যিটো ভিভ’ টি৩ 5G স্মাৰ্টফোনৰ দৰেই ।
ইয়াৰ উপৰিও ফোনটোত ভলিউম ৰকাৰৰ সৈতে ইউএছবি টাইপ-চি পৰ্ট আৰু ফ্ৰেমৰ সোঁফালে পাৱাৰ বুটাম আছে। Realme 14x ত থাকিব 6.67 ইঞ্চি HD + IPS LCD পেনেল, 6000mAh বেটাৰী আৰু IP69 ৰেটেড ডাষ্ট আৰু ৱাটাৰপ্ৰুফ প্ৰটেকচন । ইয়াৰ উপৰিও স্মাৰ্টফোনটো 6GB / 128GB, 8GB / 128GB আৰু 8GB / 256GB ষ্ট’ৰেজ ভেৰিয়েন্টত আহিব।
Realme 14x: ৰঙৰ বিকল্পসমূহ
অনলাইনত ফাদিল হোৱা ছবি অনুসৰি এই ফোনটো তিনিটা ৰঙত মুকলি কৰা হ’ব - জুৱেল ৰেড, গোল্ডেন গ্ল’, আৰু ক্রিষ্টেল ব্লেক ।
Realme 14x: দাম কি হ’ব পাৰে
তথ্য অনুসৰি 18 ডিচেম্বৰৰ পৰা ফ্লিপকাৰ্ট, আমাজন আৰু নিজা অফিচিয়েল ৱেবছাইটত এই স্মাৰ্টফোনৰ বিক্ৰী আৰম্ভ হ’ব । কোম্পানীটোৱে এই ফোনটো 14,999 টকাৰ আৰম্ভণি মূল্যত মুকলি কৰিব । অৱশ্যে ইয়াৰ সঠিক মূল্য আৰু বিক্ৰীৰ সবিশেষ এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই ।