ETV Bharat / technology

হোৱাটছ এপত আহে নেকি বিজুলী বিল ! ক্লিক কৰাৰ পূৰ্বে সাৱধান - Digital scam

author img

By ETV Bharat Tech Team

Published : Sep 1, 2024, 4:03 PM IST

WhatsApp New Scam Alert: হোৱাটছ এপৰ জৰিয়তে ধন সংগ্ৰহৰ পথ বাচি লৈছে একাংশ দুষ্ট চক্ৰই ৷ বিভিন্ন প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰৱঞ্চকে অৰ্থ সম্বন্ধীয় বিভিন্ন জালিয়তি সংঘটিত কৰি অহা পৰিলক্ষিত হৈছে ৷ প্ৰৱঞ্চকে লটাৰীৰ পৰা আৰম্ভ কৰি বিজুলী বিল পৰ্যন্ত সকলো ক্ষেত্ৰতে মেলিছে প্ৰৱঞ্চনাৰ জাল ৷ ইয়াৰ পৰা কেনেদৰে নিজক বটাই ৰাখিব---

Protect Yourself From These WhatsApp Scams
হোৱাটছ এপৰ জৰিয়তে প্ৰৱঞ্চনা (ETV Bharat)

নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ: ভাৰতত বৃদ্ধি হৈছে প্ৰৱঞ্চনাৰ ঘটনা ৷ ডিজিটেল যুগত ডিজিটেল প্ৰৱঞ্চনাৰ ঘটনাৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ প্ৰৱঞ্চকে বাছি লোৱা পৰিলক্ষিত হৈছে জনপ্ৰিয় সামাজিক মাধ্যম হোৱাটছ এপক । প্ৰৱঞ্চকসকলে সদায় নতুন নতুন পথ বাছি লৈ আৰ্থিক তথা বিভিন্ন প্ৰতাৰণা কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হয় ।

চিন্তনীয় বিষয় যে, এই পদ্ধতিবোৰ ইমানেই সূক্ষ্ম যে সাধাৰণ মানুহে এয়া বুজিব নোৱাৰে আৰু যেতিয়ালৈকে তেওঁ উপলব্ধি কৰে, তেতিয়ালৈকে তেওঁৰ কষ্টোপাৰ্জিত ধন-সম্পত্তি প্ৰৱঞ্চকে হস্তগত কৰি লয় ।

আহক আমি আপোনাক WhatsApp ত সংঘটিত কিছুমান কেলেংকাৰীৰ বিষয়ে জনাওঁ যিবোৰৰ পৰা আপুনি সাৱধান থকা উচিত । যদি কেতিয়াবা হোৱাটছএপত এনেকুৱা মেছেজ আহে তেন্তে ভুলতেও ৰিপ্লাই নিদিব বা কোনো লিংকত ক্লিক নকৰিব । নহ’লে নিমিষতে শূন্য হৈ পৰিব আপোনাৰ বেংকত থকা সাঁচতীয়া ধন ।

লটাৰী বিজয়ী অফাৰ

দুস্কৃতিকাৰীয়ে বিভিন্ন নম্বৰৰ পৰা হোৱাটছএপত মানুহক মেছেজ দিয়ে । সাধাৰণতে এই মেচেজ লটাৰী সংক্ৰান্তীয় । এই বাৰ্তাত প্ৰৱঞ্চকে আপোনাক কিছু টকা দি আপোনাৰ পুৰস্কাৰৰ ধন সংগ্ৰহ কৰিবলৈ ক’ব । আনকি কেতিয়াবা দুস্কৃতিকাৰীয়ে আপোনাক টকা সংগ্ৰহ কৰিবলৈ লিংক পঠিয়াই তাত ক্লিক কৰিবলৈ ক’ব । তেতিয়া বুজিব যে ই এটা ভুৱা বাৰ্তা । কোনো প্ৰকৃত লটাৰী কোম্পানীয়ে আপোনাৰ পুৰস্কাৰৰ ধন সংগ্ৰহ কৰিবলৈ অতিৰিক্ত ধন নিবিচাৰে । লগতে কোনো লিংকত ক্লিক কৰিবলৈ নকয় ৷

দুস্কৃতিকাৰীয়ে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি মানুহক লুট কৰাৰ আন এটা উপায় বাছি লৈছে । আচলতে তেওঁলোকে আপোনাক হোৱাটছএপত পাৰ্ট টাইম বা পূৰ্ণকালীন চাকৰিৰ প্ৰস্তাৱ আগবঢ়ায় আৰু এই চাকৰিৰ জৰিয়তে আপোনাক লাখ লাখ টকা উপাৰ্জন কৰিবলৈ প্ৰলোভিত কৰে । এই মেছেজবোৰত আপোনাক এটা লিংক দিয়া হ’ব, যিটোত ক্লিক কৰি এপ এটা ডাউনলোড কৰিবলৈ কোৱা হ’ব । এই এপসমূহে আপোনাৰ ফোনত ভাইৰাছ সৃষ্টি কৰে, যাতে কেলেংকাৰীকাৰীয়ে আপোনাৰ বেংক একাউণ্টৰ পৰা সহজেই ধন উলিয়াব পাৰে বা তেওঁলোকে এই এপসমূহৰ জৰিয়তে আপোনাৰ ব্যক্তিগত তথ্য সহজে সংগ্ৰহ কৰিব পাৰে ।

বিজুলী বিচ্ছিন্ন বাৰ্তা

বিল পৰিশোধ নকৰাৰ বাবে আপোনাৰ বিদ্যুতৰ সংযোগ অতি সোনকালে কৰ্তন হ’ব - আৰু এই বাৰ্তাটোতো আপোনাক এটা লিংক দিয়া হ’ব, য’ত আপুনি ক্লিক কৰি বিল পৰিশোধ কৰিবলৈ কোৱা হ’ব । এইটো সম্পূৰ্ণ ভুৱা বাৰ্তা । বিদ্যুৎ কোম্পানীয়ে কেতিয়াও এনে বাৰ্তা প্ৰেৰণ নকৰে । এনে লিংকত ক্লিক কৰিলে প্ৰৱঞ্চকে আপোনাৰ বেংকৰ পৰা আপোনাৰ কষ্টোপাৰ্জিত সকলো ধন আত্মসাৎ কৰিব পাৰে ।

এনে বাৰ্তা আহিলে কি কৰিব?

  • অচিনাকি নম্বৰৰ পৰা এনে মেছেজ পালে একেবাৰে উত্তৰ নিদিব
  • এনে বাৰ্তাত আপোনাক এটা লিংকত ক্লিক কৰিবলৈ কোৱা হয়, ভুলতেও উক্ত লিংকটোত ক্লিক নকৰিব
  • যদি আপুনি সঘনাই এনে বাৰ্তা লাভ কৰি আছে, তেন্তে আপোনাৰ পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীক জনাই দিয়ক যাতে তেওঁলোকে এনে কেলেংকাৰীৰ পৰা হাত সাৰিব পাৰে
  • আপুনি ফোনত ভাল এন্টি ভাইৰাছ চফটৱেৰ ইনষ্টল কৰি সময়ে সময়ে আপডেট কৰিব

গুগল প্লে ষ্ট’ৰত গৈ প্লে প্ৰটেক্ট অন কৰিবলৈ নাপাহৰিব যাতে মোবাইলত ভুৱা এপৰ বিষয়ে সতৰ্কতা আহে ।

লগতে পঢ়ক: লেহেমীয়া ইন্টাৰনেটৰ সমস্যাৰ আপুনিও ভুক্তভোগী নেকি : এই কিটিপ গ্ৰহণ কৰি উপকৃত হওঁক - Slow Internet Speed

নিষিদ্ধ ঘোষিত হ’ব নেকি মেছেজিং এপ টেলিগ্ৰাম : কি কয় চৰকাৰী বিষয়াই ? - Telegram Messenger in India

পৰিয়ালৰ মহিলা সদস্যৰ নিৰাপত্তাক লৈ আপুনিও চিন্তিত নেকি : এতিয়াই ইনষ্টল কৰক এইকেইটা এপ - Women Safety APPs

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.