ETV Bharat / technology

2035 চনৰ ভিতৰত মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰিব ভাৰতে : প্ৰধানমন্ত্ৰী মোদী - Param Rudra supercomputers

author img

By ETV Bharat Tech Team

Published : 2 hours ago

PM Modi Launches Supercomputers: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে 3 টাকৈ ছুপাৰ কম্পিউটাৰ । যিটো পুনে, দিল্লী আৰু কলকাতাত কাৰ্যকৰী হ’ব । এই কম্পিউটাৰটো নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে 130 কোটি টকা । এই ছুপাৰ কম্পিউটাৰ কি জানেনে...

Etv Bharat
প্ৰধানমন্ত্ৰী মোদী (ANI)

নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে মুকলি কৰে 3 টা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ । ইয়াৰ লগতে মোদীয়ে জলবায়ু গৱেষণাৰ বাবে উচ্চ পৰ্যায়ৰ কম্পিউটিং ব্যৱস্থাও মুকলি কৰে । থলুৱা প্ৰযুক্তিৰ ওপৰত নিৰ্মিত এই ছুপাৰ কম্পিউটাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং অভিযান (এন এছ এম)ৰ অধীনত প্ৰস্তুত কৰা হৈছে । এই উপলক্ষে মোদীয়ে কয় যে দেশৰ দৃষ্টিশক্তি বৃহৎ হ’লেহে সাফল্য লাভ কৰিব পাৰি ৷ প্ৰযুক্তিৰ উন্নীতকৰণৰ লক্ষ্য হ’ব লাগে দৰিদ্ৰ লোকসকলক সবলীকৰণ কৰা ।

ছুপাৰ কম্পিউটাৰে কি কৰিব?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰৰ সন্ধিয়া ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই 3 টা ছুপাৰ কম্পিউটাৰ দেশবাসীৰ বাবে উৎসৰ্গা কৰে । থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এই কম্পিউটাৰ পুনে, দিল্লী আৰু কলকাতাত গৱেষণাৰ বাবে উপযোগী হ’ব । এই সন্দৰ্ভত মোদীয়ে কয়, "প্ৰযুক্তিৰ বিকাশৰ লক্ষ্য দৰিদ্ৰ লোকৰ সবলীকৰণ হোৱা উচিত । আজি ভাৰতত সৃষ্টি হোৱা সম্ভাৱনাই দেশত নতুন সুযোগৰ সৃষ্টি কৰিছে ।"

এই খণ্ডত সৃষ্টি হ’বলগীয়া সুযোগসমূহ

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে প্ৰযুক্তি গৱেষণাই যাতে সাধাৰণ জনতাক উপকৃত কৰিব পাৰে তাৰ বাবে কাম কৰি আছে । নতুন প্ৰযুক্তিয়ে অনাগত দিনত ভাৰতক আন এক নতুন পৰিচয় দিব । ইয়াৰ দ্বাৰা অভূতপূৰ্ব পৰিৱৰ্তন আহিব আৰু আই টি খণ্ড, উদ্যোগ, এম এছ এম ই আৰু ষ্টাৰ্টআপত নতুন সুযোগৰ সৃষ্টি হ’ব । মোদীয়ে লগতে কয় যে ভাৰতে 2035 চনৰ ভিতৰত মহাকাশত নিজাকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰিব ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "বৰ্তমান এনে কোনো খণ্ড নাই, যিটো প্ৰযুক্তি আৰু কম্পিউটিং শক্তিৰ ওপৰত নিৰ্ভৰশীল নহয় । ইয়াৰ বাবে আমাৰ অৱদান কেৱল কোৱাতেই আৱদ্ধ নাথাকি, টেৰাবাইট আৰু পিটাবাইট হ'ব লাগে । 850 কোটি মূল্যৰ হাই-এণ্ড কম্পিউটিং চিষ্টেম বিকশিত কৰা হৈছে । বাৰিষা আৰু জলবায়ু গৱেষণাৰ দিশত আজি বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনে যথেষ্ট সফলতা লাভ কৰিছে ।"

লগতে পঢ়ক: কৃত্ৰিম বুদ্ধিমত্তাই ধৰা পেলাব আপোনাৰ দেহৰ ৰোগ ! - AI detects cancerous tumours

আই আই এম সম্বলপুৰত শিক্ষাৰ্থীক পাঠদান কৰোৱাব AI অধ্যাপকে - AI Professor in IIM Sambalpur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.