ETV Bharat / technology

মজবুতৰ দিশত সকলো ফোনক চেৰ পেলাব Oppoৰ এই নতুন স্মাৰ্টফোনে - Oppo new smartphone

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 4:09 PM IST

Oppo new smartphone: আজিকালিৰ দিনত গ্ৰাহকে এটা বাজেট ফ্ৰেণ্ডলী স্মাৰ্টফোন বিচৰাৰ লগতে ফোনটো মজবুত, সুৰক্ষিত তথা উন্নত কেমেৰাৰ বিকল্প থকাটো বিচাৰে ৷ যদি আপুনিও এনে স্মাৰ্টফোনৰ সন্ধান কৰি আছে তেন্তে Oppoৰ এই নতুন স্মাৰ্টফোনটো আপোনাৰ বাবে উত্তম বিকল্প হ’ব পাৰে ৷

OPPO F2 PRO PLUS 5G phone has many features and exceptional durability. Here is the price
মজবুতিত সকলো ফোনক চেৰ পেলাব Oppoৰ এই নতুন স্মাৰ্টফোনে; দাম মাত্ৰ ইমান (TWITTER)

নিউজ ডেস্ক, 19 জুন: ভাৰতত মুকলি কৰা হৈছে Oppo F27 Pro+ 5G । এই ফোনটোত MediaTek Dimensity 7050 প্ৰচেছৰ, 5,000mAh বেটাৰী আৰু 67W ফাষ্ট চাৰ্জিং চাপৰ্টৰ দৰে বৈশিষ্ট্য আছে । এই হেণ্ডছেটত 64MP ডুৱেল ৰেয়াৰ কেমেৰা ছেটআপ আৰু দুটা ষ্ট’ৰেজ অপচন আছে । এই ফোনটোৰ বাকী থকা বৈশিষ্ট্যসমূহৰ বিষয়ে জানো আহক-

Oppo F27 Pro+ 5G ৰ 8GB + 128GB ভেৰিয়েন্টৰ মূল্য 27,999 টকা আৰু 8GB + 256GB ভেৰিয়েন্টৰ মূল্য 29,999 টকাত নিৰ্ধাৰিত কৰা হৈছে । গ্ৰাহকে ইয়াক Oppo অনলাইন ষ্ট’ৰ, Amazon আৰু Flipkartৰ জৰিয়তে ক্ৰয় কৰিব পাৰে । এই হেণ্ডছেটটো ডাস্ক পিংক আৰু মিডনাইট নেভি ৰঙৰ বিকল্পত মুকলি কৰা হৈছে ।

Oppo F27 Pro+ 5Gৰ স্পেচিফিকেশন

এই স্মাৰ্টফোনটোত আছে 6.7 ইঞ্চি ফুল-এইচডি + (2,412 x 1,080 পিক্সেল) 3D কাৰ্ভড OLED ডিছপ্লে 120Hz ৰিফ্ৰেছ ৰেট, 950nits পৰ্যন্ত পিক ব্ৰাইটনেচ আৰু 240Hz টাচ্চ চেম্পলিংগ ৰেটৰ সৈতে । ইয়াৰ উপৰিও ডিছপ্লেত কৰ্নিং গৰিলা গ্লাছ ভিক্টাছ ২ সুৰক্ষাও প্ৰদান কৰা হৈছে । যাৰ ফলত এই ফোনটো আৰু অধিক সুৰক্ষিত হৈ পৰে ৷

এই স্মাৰ্টফোনটোত আছে ARM Mali-G68 MC4 GPU, 8GB LPDDR4X RAM আৰু 256GB UFS 3.1 পৰ্যন্ত ষ্ট’ৰেজৰ সৈতে অক্টা-কোৰ মিডিয়াটেক ডাইমেনচিটি 7050 প্ৰচেছৰ । Oppo F27 Pro+ 5G এণ্ড্ৰইড 14 ভিত্তিক ColorOS 14.0ত আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰিব ।

লগতে পঢ়ক: পুৰণি ম'বাইল-লেপটপ ক্ৰয় কৰাৰ পূৰ্বে বিপদত নপৰিবলৈ কি কি কথা জানিব লাগে, পঢ়ক এই প্ৰতিবেদন - Buying a Used gadgets

এই ফোনটোক যথেষ্ট মজবুত বুলিও ধৰিব পাৰি । কাৰণ, ইয়াত MIL-STD 810H বিল্ড আৰু চুইছ SGS প্ৰিমিয়াম পাৰফৰমেন্স 5 ষ্টাৰ ড্ৰপ ৰেজিষ্টেন্স চাৰ্টিফিকেশনো আছে । এই ফোনটো ধূলি আৰু পানী প্ৰতিৰোধৰ বাবে IP69, IP68 আৰু IP66 ৰেটিং কৰা হৈছে । যাৰ ফলত ভুলবশতঃ ই পানীত পৰিলেও নষ্ট নহয় যিটো সুবিধা সাধাৰণতে বাকী ফোনবোৰত ইমান কম মূল্যত উপলব্ধ হোৱা দেখা নাযায় ৷

ফটোগ্ৰাফীৰ বাবে ফোনটোৰ পিচফালে 64MP প্ৰাইমেৰী কেমেৰা আৰু 2MP ছেকেণ্ডাৰী চেন্সৰ দিয়া হৈছে । ফোনটোৰ সন্মুখত চেল্ফিৰ বাবে 8MP কেমেৰা আছে । ইয়াৰ ফলত আপোনাৰ ফটো তোলাৰ অভিজ্ঞতা আৰু অধিক উন্নত হ’ব ৷

Oppo F27 Pro+ 5Gৰ বেটাৰী 5,000mAh আৰু ইয়াত 67W তাঁৰযুক্ত SuperVOOC চাৰ্জিঙৰ সুবিধা দিয়া হৈছে । এই হেণ্ডছেটত ইন-ডিছপ্লে ফিংগাৰপ্ৰিণ্ট চেন্সৰো দিয়া হৈছে ।

লগতে পঢ়ক: WhatsAppত এতিয়াৰে পৰা ইন্টাৰনেট নোহোৱাকৈয়ে শ্বেয়াৰ কৰিব পাৰিব ফাইল: জানি লওক কেনেকৈ ? - WhatsApp File Sharing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.