ETV Bharat / technology

গুগলৰ লগত ফেৰ মাৰিবলৈ আহিল ছাৰ্চ জিপিটি - AI powered search engine

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 8:37 PM IST

Updated : Jul 28, 2024, 9:30 PM IST

SearchGPT by OpenAI : কৃত্ৰিম বুদ্ধিমত্তা গৱেষণা প্ৰতিষ্ঠান অ’পেন এ আয়ে ঘোষণা কৰিলে নতুন ছাৰ্চ ইঞ্জিন ছাৰ্চ জিপিটি ৷ দীৰ্ঘদিনে আধিপত্য বিস্তাৰ কৰি থকা গুগলৰ লগতে প্ৰতিদ্বন্দ্বিতাত নামিব এই ছাৰ্চ ইঞ্জিন ৷

SearchGPT by OpenAI
OpenAIৰ মুখ্য কাৰ্যবাহী বিষয়া ছেম অল্টমেন (IANS Photo and Twitter handle @OpenAI)

নিউজ ডেস্ক, ২৮ জুলাই : সাধাৰণতে আমি ইণ্টাৰনেটৰ জৰিয়তে যিকোনো তথ্য বিচাৰি কাষ চাপো গুগল ছাৰ্চ ইঞ্জিনৰ ৷ যদিও আন কেবাটাও ছাৰ্চ ইঞ্জিন উপলব্ধ, তথাপি গুগলকেই আমি অধিক ব্যৱহাৰ কৰোঁ ৷ গুগলৰ বিকল্পৰ কথাও ভবা নহয় ৷

কিন্তু এতিয়া সমগ্ৰ বিশ্ব গ্ৰাস কৰিছে কৃত্ৰিম বুদ্ধিমত্তাই ৷ ইণ্টাৰনেটৰ পৃথিৱীখন অধিক সহজ কৰিলে এই কৃত্ৰিম বুদ্ধিমত্তা তথা AIই ৷ ইতিমধ্যে যিকোনো বিষয়ত আমি AI প্ৰযুক্তিৰ ChatGPT আমি ব্যৱহাৰ কৰিছোঁ ৷ তাৰ পিচতে Metaৰ প্ৰতিটো প্লেটফৰ্মতে উপলব্ধ হ’ল MetaAI. যাৰ জৰিয়তে হাতৰ মুঠিতে আন এখন পৃথিৱী লাভ কৰাৰ দৰে হ’ল ৷ AI প্ৰযুক্তিৰ ব্যৱহাৰেৰে শিক্ষক, মডেল আদিৰো নিৰ্মাণ কৰা হ’ল ৷ সেয়া হ’ল প্ৰযুক্তিৰ পৃথিৱীত AIৰ অৱদান ৷

এতিয়া আহিছো AIৰ আন এক অৱদানৰ প্ৰসংগলৈ ৷ যিদৰে আমি গুগল, বিং, য়াহো আদি ছাৰ্চ ইঞ্জিন; ঠিক সেইদৰেই AIই লৈ আনিছে SearchGPT. আমেৰিকাৰ কৃত্ৰিম বুদ্ধিমত্তা গৱেষণা সংস্থা OpenAIই এই SearchGPT মুকলি কৰিছে ৷ যিটো ছাৰ্চ ইঞ্জিন ঠিক গুগল, বিং আদিৰ দৰেই হ’ব ৷ অৱশ্যে ২০২২ চনতে অ’পেন এ আয়ে মুকলি কৰিছিল পাৰ্প্লেক্সিটি এআই (Perplexity AI) নামৰ এক ছাৰ্চ ইঞ্জিন ৷ যিকোনো প্ৰশ্নৰ সঠিক, বিশ্বাসযোগ্য আৰু বাস্তৱ সময়ৰ উত্তৰ প্ৰদান কৰে পাৰ্প্লেক্সিটি এ আয়ে ৷

তাৰ পিচতে আমেৰিকান কৃত্ৰিম বুদ্ধিমত্তা গৱেষণা সংস্থা OpenAIই লৈ আনিছে SearchGPT. দীৰ্ঘ সময়ধৰি থকা গুগলৰ আধিপত্যৰ লগত প্ৰতিযোগিতাত নামি পৰিব এই SearchGPT ৷ ২৫জুলাইত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হয় হয় এই ছাক্চ ইঞ্জিনৰ ৷ ইয়াৰ পিচতে চৰ্চা হৈছে, OpenAIই গুগল, মাইক্ৰ’ছফ্ট আদিৰ দৰে বৃহৎ কোম্পানীৰ সৈতে প্ৰতিযোগিতাত নামিবলৈ আগবাঢ়িছে ৷ মূলতঃ গুগলৰ বাবে ই হ’ব ডাঙৰ প্ৰত্যাহ্বান ৷

লগতে পঢ়ক : কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থান: সম্ভাৱনা আৰু প্ৰত্যাহ্বান

লগতে পঢ়ক : কৃত্ৰিম বুদ্ধিমত্তা বিপ্লৱ : অন্ধ্ৰপ্ৰদেশ এক প্ৰযুক্তি শক্তিকেন্দ্ৰ হোৱাৰ পথ

লগতে পঢ়ক : AlphaFold 3 এআই মডেলে কৰিব পাৰিব মানৱ অণুৰ আচৰণৰ পূৰ্বানুমান

Last Updated : Jul 28, 2024, 9:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.