হায়দৰাবাদ: পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি ৰিলায়েন্স জিঅ’ই গ্ৰাহকৰ বাবে আগবঢ়াইছে এক আকৰ্ষণীয় অফাৰ । জিঅ’ ভাৰত 4G আৰু জিঅ’ ভাৰত কে 1 কাৰ্বন ফোনত 300 টকা ৰেহাইৰ ব্যৱস্থা কৰিছে কোম্পানীটোৱে । গ্ৰাহকে এই 2 টা 4G মোবাইল মাত্ৰ 699 টকাত ক্ৰয় কৰিব পাৰিব । অৱশ্যে কিছুদিনৰ বাবেহে এই অফাৰ দিছে কোম্পানীয়ে । যিসকলে এতিয়াও 2G মোবাইল ব্যৱহাৰ কৰি আছে তেওঁলোকে এই সীমিত অফাৰৰ সুবিধা আদায় কৰিব পাৰিব ।
ফোনটোৰ আকৰ্ষণীয় বৈশিষ্ট্যসমূহ
- JioBharat K1 Carbon আৰু JioBharat V2 ত 1.77 ইঞ্চি কাৰ্ভড স্ক্ৰীণৰ লগতে microSD কাৰ্ড স্লট আছে যিয়ে ব্যৱহাৰকাৰীক 128GB পৰ্যন্ত ষ্ট’ৰেজৰ সুবিধা প্ৰদান কৰে ।
- দুয়োটাতে আছে 1000mAh বেটাৰী আৰু ডিজিটেল ৰিয়াৰ কেমেৰা ।
- 4G বৈশিষ্ট্যযুক্ত ফোনটোৱে কেৱল Jio নেটৱৰ্কক সমৰ্থন কৰাৰ বিপৰীতে ই 23 টা ভাষা সমৰ্থন কৰে ।
- ফোনটোত জিঅ’চিনেমা আৰু জিঅ’পেৰ দৰে এপো আছে । যিয়ে ব্যৱহাৰকাৰীসকলক এটা QR ক’ড স্কেন কৰি UPI পেমেণ্ট কৰিবলৈ অনুমতি দিয়ে ।
- জিঅ’ৰ মতে, দুয়োটা ডিভাইচে কল ৰেকৰ্ডিংও সমৰ্থন কৰে ।
ৰিচাৰ্জ প্লেন
এই ফোনটোৰ বাবে মাত্ৰ 123 টকা মাহিলী ৰিচাৰ্জ প্লেন উপলব্ধ । য'ত
- সীমাহীন বিনামূলীয়া ভইচ কল
- 14GB ডাটা (প্ৰতিমাহে)
এই পৰিকল্পনা আন নেটৱৰ্কতকৈ 40% সস্তা । আন এটা ফিচাৰ ফোন নেটৱৰ্কৰ দাম 199 টকা । জিঅ’ ফোনত ব্যৱহাৰকাৰীয়ে প্ৰতিমাহে 76 টকা ৰাহি কৰিব পাৰিব ।
ক’ৰ পৰা কিনিব?
আপোনাৰ সমীপৰ খুচুৰা বিপণীৰ বাহিৰেও এই দুয়োটা ফোন জিঅ’মাৰ্ট আৰু আমাজনত উপলব্ধ । 4G প্ৰযুক্তিৰ অভিজ্ঞতা লাভ কৰিব বিচৰা গ্ৰাহকৰ বাবে জিঅ’ৰ দীপাৱলী অফাৰ এক সোণালী সুযোগ ।