নিউজ ডেস্ক, ১৬ আগষ্ট : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ-৮ (ই অ' এছ-৮) সফলতাৰে উৎক্ষেপণ কৰে ।
এক্সৰ এক বাৰ্তাত ইছৰোৱে কয়, "এছ এছ এল ভিৰ তৃতীয় উন্নয়নমূলক উৎক্ষেপণ সফল হৈছে । এছ এছ এল ভি-ডি3-য়ে ই অ' এছ-08-ক কক্ষপথত সঠিকভাৱে স্থাপন কৰিছে । ইয়াৰ দ্বাৰা ইছৰো/ডি অ' এছৰ এছ এছ এল ভি উন্নয়ন প্ৰকল্প সফলতাৰে সম্পূৰ্ণ হোৱাটো চিহ্নিত হৈছে । প্ৰযুক্তি স্থানান্তৰৰ সৈতে ভাৰতীয় উদ্যোগ আৰু এন এছ আই এল ইণ্ডিয়াই এতিয়া বাণিজ্যিক অভিযানৰ বাবে এছ এছ এল ভি উৎপাদন কৰিব ।"
ইছৰোৰ মতে, উৎক্ষেপণৰ বাবে চাৰে ছয় ঘণ্টাৰ সময় গণনা পুৱা ২.৪৭ বজাত আৰম্ভ হয় । এয়া হৈছে এছ এছ এল ভি-ডি3/ই অ' এছ-08 অভিযানৰ তৃতীয় আৰু অন্তিম উন্নয়নমূলক উৎক্ষেপণ । মহাকাশযানখন এবছৰৰ মিছন কালৰ বাবে নিৰ্মাণ কৰা হৈছে ।
ই অ' এছ-08 অভিযানৰ প্ৰাথমিক উদ্দেশ্য হৈছে এটা মাইক্ৰ'-ছেটেলাইট ডিজাইন আৰু বিকাশ কৰা, মাইক্ৰ'-ছেটেলাইট বাছৰ সৈতে সামঞ্জস্যপূৰ্ণ পেলোড সঁজুলি সৃষ্টি কৰা আৰু ভৱিষ্যতৰ কাৰ্যকৰী উপগ্ৰহৰ বাবে প্ৰয়োজনীয় নতুন প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা । ইছৰোৰ এক বিজ্ঞপ্তিত পূৰ্বতে এইকথা উল্লেখ কৰে ।
মাইক্ৰ'ছেট/আই এম এছ-1 বাছত নিৰ্মিত ই অ' এছ.-08-ত তিনিটা পেলোড আছে । সেইকেইটা হৈছে ইলেক্ট্ৰ'-অপ্টিকেল ইনফ্ৰাৰেড পেলোড (ই অ' আই আৰ), গ্লোবেল নেভিগেচন ছেটেলাইট ছিষ্টেম-ৰিফ্লেক্টোমেট্ৰি পেলোড (জি এন এছ এছ-আৰ) আৰু এছ আই চি ইউ ভি ডচিমিটাৰ ।
প্ৰথম পেলোড ই অ' আই আৰ দিনে-নিশাই মিড-ৱেভ আই আৰ (এম আই আৰ) আৰু লং-ৱেভ আই আৰ (এল ডব্লিউ আই আৰ) বেণ্ডত ছবি তুলিবলৈ প্ৰস্তুত কৰা হৈছে । ইয়াৰ ভিতৰত আছে উপগ্ৰহ-ভিত্তিক নিৰীক্ষণ, দুৰ্যোগ নিৰীক্ষণ, পৰিৱেশ নিৰীক্ষণ, জুই চিনাক্তকৰণ, আগ্নেয়গিৰি কাৰ্যকলাপ পৰ্যৱেক্ষণ আৰু ঔদ্যোগিক আৰু শক্তি প্ৰকল্পৰ দুৰ্যোগ নিৰীক্ষণ ।
দ্বিতীয় জি এন এছ এছ-আৰ পেলোডে সাগৰ পৃষ্ঠৰ বায়ু বিশ্লেষণ, মাটিৰ আৰ্দ্ৰতা মূল্যায়ন, হিমালয় অঞ্চলৰ ওপৰত ক্ৰিয়াস্ফেয়াৰ অধ্যয়ন, বানপানী চিনাক্তকৰণ আৰু আভ্যন্তৰীণ জলাশয় চিনাক্তকৰণৰ দৰে প্ৰয়োগৰ বাবে জি এন এছ এছ-আৰ-ভিত্তিক ৰিম'ট চেঞ্চিং ব্যৱহাৰ কৰাৰ সামৰ্থ্য প্ৰদৰ্শন কৰে ।
তৃতীয় পেলোড এছ আই চি ইউ ভি ডচিমিটাৰে গগনযান মিছনৰ ক্ৰু মডিউলৰ ভিউপোৰ্টত ইউ ভি বিকিৰণ নিৰীক্ষণ কৰে আৰু গামা বিকিৰণৰ বাবে উচ্চ-মাত্ৰাৰ এলাৰ্ম ছেন্সৰ হিচাপে কাম কৰে ।