ETV Bharat / technology

Caller ID app নোহোৱাকৈ ভুৱা কল চিনাক্ত কৰাটো সম্ভৱনে ? - HOW TO DETECT A SCAM CALL

যিকোনো অজ্ঞাত বা ভুৱা কল চিনাক্ত কৰিবলৈ আমি মোবাইলত Caller ID app ডাউনলোড কৰিব লাগিব । এপ্লিকেশ্যন অবিহনে প্রৱঞ্চনামূলক কল কেনেকৈ চিনাক্ত কৰিব...

How To Identify Scam Calls Without Caller ID App; Know
Caller ID app নোহোৱাকৈ ভুৱা কল চিনাক্ত কৰাটো সম্ভৱনে ? (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : Nov 9, 2024, 5:06 PM IST

হায়দৰাবাদ: দেশত বৃদ্ধি পাইছে প্ৰৱঞ্চনাৰ ঘটনা ৷ শেহতীয়াকৈ বহু প্ৰৱঞ্চকে ফোনযোগে বিভিন্ন ধৰণৰ প্ৰৱঞ্চনা সংঘটিত কৰি অহাৰ ঘটনা পোহৰলৈ আহিছে । সৰ্বসাধাৰণ লোকসকল অজানিতে এই প্ৰৱঞ্চনাৰ বলি হৈছে । এনে পৰিস্থিতিত ভাৰত চৰকাৰে আনিছে নতুন আইন । যাতে মোবাইলত কোনো ধৰণৰ কলাৰ আইডি ডাউনলোড নকৰাকৈয়ে এনে কল চিনাক্ত কৰিব পাৰে । ইয়াৰ ফলত আপোনাৰ কষ্টোপাৰ্জিত ধনৰ লগতে ব্যক্তিগত তথ্য সুৰক্ষিত হ’ব ।

ভাৰত চৰকাৰে এতিয়া বেংকৰ অফিচিয়েল কলৰ বাবে ‘160’ প্ৰেফিক্স (এখন দেশ আৰু এৰিয়া ক’ডৰ পিছত ব্যৱহাৰ কৰা প্ৰথম 3 টা অংক) বাধ্যতামূলক কৰি তুলিছে । এই পৰিৱৰ্তনৰ জৰিয়তে ভাৰতীয় নাগৰিকে প্ৰৱঞ্চনামূলক ফোন সহজেই চিনাক্ত কৰিব পাৰিব । এজন ব্যক্তিয়ে এবাৰ বেনামী ফোন কলক ভুৱা বুলি চিনাক্ত কৰিলেই এজন কেলেংকাৰীকাৰীৰ বাবে বিশ্বাসযোগ্য উৎসৰ ৰূপ লোৱাটো কঠিন হৈ পৰে ।

প্ৰতিটো বেংক কলৰ আৰম্ভণি অংক '160'

ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়াই বৃহৎ বৃহৎ বেংকৰ সহযোগত আৰক্ষী বিষয়া, বেংক বিষয়া আৰু অন্যান্য বিষয়াৰ নামেৰে ক্ৰমবৰ্ধমান প্ৰৱঞ্চনাৰ বিৰুদ্ধে যুঁজিবলৈ 160 প্ৰেফিক্স লগোৱাৰ নিয়ম প্ৰৱৰ্তন কৰিছে । বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লাভ কৰা যিকোনো ফোন তিনি অংকৰ প্ৰেফিক্স 160 ৰ পৰা আৰম্ভ হ’ব । এইটো সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ’ব আৰু গ্ৰাহকে বেংকৰ পৰা অহা ফোন নে ভুৱা চিনাক্ত কৰাত সহজ হ’ব ।

এনে আইন কিয় প্ৰয়োজনীয়?

প্ৰতিদিনে আপুনি বাতৰি কাকত অথবা সংবাদ মাধ্যমত ভুৱা ভিডিঅ’, ভুৱা ড্ৰাগছ কেলেংকাৰী, ধন দাবী, যৌন সম্বন্ধীয় কেলেংকাৰী কল আদি পঢ়িবলৈ পায় । বেংক একাউণ্টধাৰীৰ সবিশেষ সংগ্ৰহ কৰি প্ৰৱঞ্চকে এনে ফোন কৰে । প্ৰৱঞ্চকে এজন ব্যক্তিক ফোন কৰি ভয় খুৱায় আৰু তেওঁ প্ৰৱঞ্চনাত জড়িত থকাৰ প্ৰমাণ আছে বুলি ভয় খুৱাই ধন দাবী কৰে ।

কিন্তু এতিয়া ‘160’ নম্বৰ নোহোৱাকৈ এটা ফোন অহাৰ লগে লগে মানুহে গম পাব যে সেইটো এটা জালিয়াতি সম্পৰ্কীয় ফোন । কাৰণ বেংকে ফোন কৰিলে ইয়াৰ নম্বৰ 160 ৰ পৰা আৰম্ভ হ’ব ।

জালিয়াতিৰ কলৰ সৈতে কেনেকৈ মোকাবিলা কৰিব?

যদি কোনোবাই আপোনাক ফোন কৰি নিজকে বেংকৰ কৰ্মচাৰী বুলি পৰিচয় দিয়ে আৰু ফোন নম্বৰটো 160 সংখ্যাৰে আৰম্ভ নহয়, তেতিয়া আপুনি নিশ্চিত হ’ব পাৰিব যে সেয়া এটা ভুৱা কল বুলি । এনে পৰিস্থিতিত এই তিনিটা দিশলৈ মন কৰিব:

  • যদি ফোন কৰাজনে ব্যক্তিগত তথ্য বিচাৰে, তেন্তে তৎক্ষণাত ফোনটো কাটি দিব ।
  • আপোনাৰ বেংক কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰক আৰু ফোন নম্বৰটো শ্বেয়াৰ কৰক । লগতে নেশ্যনেল চাইবাৰ ক্ৰাইম পৰ্টেলত প্ৰতিবেদন দাখিল কৰক ।
  • কেতিয়াও OTP, PIN বা আপোনাৰ একাউণ্টৰ সবিশেষ নিদিব ।

লগতে পঢ়ক: অসম আৰক্ষীৰ সতৰ্কবাণী: ভাৰা বেংক একাউণ্টৰ জৰিয়তে জনসাধাৰণক শোষণ চাইবাৰ প্ৰৱঞ্চকৰ

বিত্তীয় প্ৰৱঞ্চনা তথা হেকাৰৰ পৰা কেনেকৈ নিজৰ স্মাৰ্টফোনটো ৰক্ষা কৰিব ?

গ্ৰাহকৰ একাউণ্টৰ কোটি টকা সৰকালে প'ষ্টমাষ্টৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.