এতিয়াৰ পৰা অপৰাধ কৰাৰ আগতে বাৰম্বাৰ ভাবক ৷ আৰক্ষী বাহিনীত নতুন সংযোজন কৰা হৈছে এ আই অপৰাধ জিপিটি টুলৰ ৷ এই নতুন টুলৰ জৰিয়তে আৰক্ষীয়ে অপৰাধীক ধৰিবলৈ এ আই টুলৰ সহায় ল’ব পাৰিব ৷ আৰক্ষীয়ে এই এ আই-চালিত প্লেটফৰ্মৰ সহায় কেনেদৰে ল’ব আৰু ই কেনেদৰে কাম কৰিব ? জানো আহক...
2015 চনত ষ্টাকু প্ৰযুক্তিৰ সৈতে এ আই বিশেষজ্ঞৰ এটা দলে বিকশিত কৰা, ত্ৰিনেত্ৰা 1.0 এ আই অপৰাধ জিপিটি টুলে সুন্দৰভাৱে কাম কৰি আছে । এই এপটোৱে অপৰাধীক নখ দৰ্পনত ৰাখিছে । তাৰ পিচত ২০১৮ চনত জন্ম হৈছিল ত্ৰিনেত্ৰা ২.০ এ আই টুলৰ ৷
অপৰাধ জিপিটিয়ে কেনেদৰে কাম কৰে ?
অপৰাধ জিপিটিয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তি ব্যৱহাৰ কৰি কাম কৰে । ই অতি কম সময়ৰ ভিতৰত অপৰাধীক সহজে চিনাক্ত কৰিব পাৰে ৷ যাতে আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ প্ৰচেষ্টা কৰিব নালাগে ৷ জানিব পৰা অনুসৰি এই জিপিটিয়ে প্ৰাকৃতিকভাৱে সকলোবোৰ ভাষা বুজি পোৱাৰ লগতে প্ৰশ্নসমূহ বুজিব পাৰে, অসংগঠিত তথ্য, এফ আই আৰ আৰু জেৰা ৰেকৰ্ড সম্পৰ্কীয় বৃহৎ তথ্য প্ৰদান কৰিব পাৰে । এ আই অপৰাধ জিপিটিয়ে অপৰাধমূলক ডাটাবেছ মুকলি কৰে ৷
আৰক্ষী বাহিনীয়ে অপৰাধ জিপিটিৰ জৰিয়তে যিকোনো অপৰাধ সম্পৰ্কীয় মুখ্য বা সৰু তথ্য ইনপুট প্ৰাপ্ত কৰিব পাৰে । ইয়াৰ জৰিয়তে, কেৱল অপৰাধৰ ইতিহাসই নহয়, ফটো, কাৰাগাৰ, এজাহাৰৰ বিৱৰণ, জেৰাৰ প্ৰতিবেদন, অডিঅ' ৰেকৰ্ডিং অন্তৰ্ভুক্ত কৰা হয় । ত্ৰিনেত্ৰা ২.০ য়ে ফটো লিংকিং আৰু মুখমণ্ডল চিনাক্তকৰণ প্ৰযুক্তিৰ জৰিয়তে সন্ধানহীন লোকৰ সন্ধান কৰিব পাৰে ৷