ETV Bharat / technology

মাধ্যাকৰ্ষণেৰে ভৰা কৃষ্ণগহ্বৰ; ৰহস্যৰ মাজত আজিও ওপঙি আছে মহাকাশত - BLACK HOLE PHOTOS

Black Hole First picture : আপোনাৰ বাৰু কেতিয়াবা মন যায়নে মহাকাশৰ বিষয়ে জানিবলৈ ? মহাকাশত ঘটি থকা নিতৌ ন ন ঘটনা-পৰিঘটনাৰ বিষয়ে জানিবলৈ ৷ মহাকাশত থকা কৃষ্ণগহ্বৰটো প্ৰকৃততে কেনেধৰণৰ বাৰু ? আজি আমি চাও আহক আশ্চৰ্যৰে ভৰা এই কৃষ্ণগহ্বৰটোৰ মাজত আছে কি...

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 5:15 PM IST

কৃষ্ণগহ্বৰটো প্ৰকৃততে কেনেধৰণৰ বাৰু ?
কৃষ্ণগহ্বৰটো প্ৰকৃততে কেনেধৰণৰ বাৰু ? (NASA)

নেশ্যনেল ডেস্ক, ১০ মে’ : মহাকাশ এখন আশ্চৰ্যকৰ জগত ৷ এখন বেলেগ পৃথিৱী ৷ য’ত ৰোমাঞ্চ আৰু আশ্চৰ্যৰে ভৰা বহুতো ৰহস্য আজিও ভাঁহি আছে । এই ৰোমাঞ্চকৰ তালিকাৰ শীৰ্ষত আছে কৃষ্ণগহ্বৰৰ নাম ।

যদি আপুনিও কৃষ্ণগহ্বৰৰ বিষয়ে জানিবলৈ উৎসাহী হৈ প্ৰায়ে গুগল (Google) ৰ শৰণাপন্ন হৈ থাকে, তেন্তে তথ্যৰে ভৰা আজিৰ এই প্ৰতিবেদন কেৱল আপোনাৰ বাবে । আজি আমি প্ৰকাশ কৰিম ব্লেক হোলৰ বিষয়ে কিছু আচৰিত আৰু নজনা তথ্য -

প্ৰকৃততে কি হয় এই কৃষ্ণগহ্বৰ ?

মহাকাশ বিজ্ঞানীসকলে উল্লেখ কৰা মতে, কৃষ্ণগহ্বৰ হ’ল ঘন (dense) আৰু কঠিন বস্তু ৷ যাৰ মহাকৰ্ষণ শক্তি ইমানেই প্ৰবল যে, নিৰ্দিষ্ট দূৰত্বৰ ভিতৰত একোৱেই সাৰি যাব নোৱাৰে । আপুনি জানি আচৰিত হ’ব পোহৰৰ এটা কণাও এই মহাজাগতিক পদাৰ্থৰ মাধ্যাকৰ্ষণৰ পৰা সাৰি যাব নোৱাৰে ৷ ইয়াৰ মাধ্যাকৰ্ষণ শক্তিয়ে সকলোকে নিজৰ ফালে টানি লয় ৷

How much do you know about black hole Know facts secrets and see First Image

বিজ্ঞানীসকলৰ মতে, আটাইতকৈ সৰু কৃষ্ণগহ্বৰৰ সৃষ্টি তেতিয়া হয়, যেতিয়া এটা বহু ডাঙৰ নক্ষত্ৰ অথবা তৰাৰ থুপটো নিজে নিজে ভাঙি যায় ৷ এই পৰিঘটনাটোক ছুপাৰন’ভা বোলা হয় । ছুপাৰন’ভা হৈছে বিস্ফোৰিত তৰা, যিয়ে তৰাটোৰ এটা অংশ মহাকাশতে বিস্ফোৰণ ঘটায় ।

ইভেণ্ট হৰাইজন টেলিস্কোপ ব্যৱহাৰ কৰি বিজ্ঞানীসকলে M87 তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা কৃষ্ণগহ্বৰৰ ছবি তুলিছিল । বিশ্বব্যাপী ৰেডিঅ’ টেলিস্কোপৰ নেটৱৰ্ক ইভেণ্ট হৰাইজন টেলিস্কোপ (EHT) ব্যৱহাৰ কৰি বিশ্বব্যাপী গৱেষণা দলে এই ছবিখন তুলিছিল বুলি জানিব পৰা গৈছে ।

কৃষ্ণগহ্বৰ আৰু ইয়াৰ আশ্চৰ্যতা -

  • কৃষ্ণগহ্বৰ সাধাৰণতে পোনপটীয়াকৈ দেখা নাযায়, কাৰণ ই সম্পূৰ্ণ অন্ধকাৰেৰে আবৃত । কিন্তু ইয়াৰ ওচৰে-পাজৰে জিলিকি থকা গেছৰ বিশাল মহাকৰ্ষণ ক্ষেত্ৰৰ প্ৰভাৱৰ বাবে ই অস্পষ্টভাৱে দেখা যায় ৷
  • কৃষ্ণগহ্বৰটো আমাৰ সূৰ্যতকৈ চাৰি নিযুত গুণ বেছি বিশাল । আটাইতকৈ সৰু কৃষ্ণগহ্বৰবোৰ মাত্ৰ এটা পৰমাণুৰ সমানেই সৰু হয় ৷
  • কৃষ্ণগহ্বৰটো পৃথিৱীৰ পৰা প্ৰায় ২৭,০০০ আলোকবৰ্ষৰ দূৰত্বত অৱস্থিত ৷

লগতে পঢ়ক : আপুনিও ভ্ৰমণ কৰিব বিচাৰিছে নেকি উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড ? - Places to Visit in Northeast

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.