ETV Bharat / technology

তৎক্ষণাৎ কেনেদৰে বিচাৰিব হেৰোৱা ফোন... পঢ়ক এই প্ৰতিবেদন - Find My Device Network - FIND MY DEVICE NETWORK

Find My Device Network: এতিয়াৰ পৰা অতি সহজ হৈ পৰিছে এণ্ড্ৰইড ডিভাইচ ট্ৰেকিং পদ্ধতি ৷ শেহতীয়াকৈ গুগলে নতুন ফাইণ্ড মাই ডিভাইচ টুল বিশ্বব্যাপী প্ৰচাৰ কৰিছে ৷ এই টুলৰ জৰিয়তে এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলে হেৰুওৱা ডিভাইচসমূহ সাৱধানে ৰখাৰ লগতে বিচাৰিবলৈ অতি সহজ হৈ পৰিব ৷

Find My Device Network
তৎক্ষণাৎ কেনেদৰে বিচাৰিব হেৰুওৱা ফোন... পঢ়ক এই প্ৰতিবেদন
author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 4:11 PM IST

নিউজ ডেস্ক, 10 এপ্ৰিল : টেক জায়ান্ট গুগলে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ পৰা আৰম্ভ কৰি বিশ্বজুৰি নতুনকৈ ফাইণ্ড মাই ডিভাইচ টুলৰ কাম আৰম্ভ কৰিছে । এই ফাইণ্ড মাই ডিভাইচ টুলৰ ফীচাৰে ব্যৱহাৰকাৰীসকলক উপকৃত কৰিব ৷ এই নেটৱৰ্কে এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলক হেৰুওৱা ডিভাইচসমূহ তৎক্ষণাৎ বিচাৰি ওলোৱাত সহায় কৰে ৷

এণ্ড্ৰইড ফোনত ফাইণ্ড মাই ডিভাইচ টুলটো কেনেদৰে ব্যৱহাৰ কৰিব

1. অফলাইনযোগে ডিভাইচসমূহ চিনাক্ত কৰিব :

আপোনাৰ এণ্ড্ৰইড ফোন আৰু টেবলেটটো ৰিং কৰি বা মেপত ফোন অথবা টেবলেটটোৰ অৱস্থান চিনাক্ত কৰক ৷ তেতিয়া ই অফলাইনযোগেও কাম কৰিব ৷ পিক্সেল 8 আৰু 8 প্ৰ'ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ডিভাইচসমূহ বিশেষ পিক্সেল হাৰ্ডৱেৰৰ সহায়ত ফোন অফ থাকিলেও বিচাৰি উলিয়াব পাৰিব ৷

2. ব্লুটুথ টেগ :

ব্যৱহাৰকাৰীসকলে ফাইণ্ড মাই ডিভাইচত থকা চিপোলো আৰু পেবলবীৰ ব্লুটুথ ট্ৰেকাৰৰ জৰিয়তে চাবি, মানীবেগ বা সামগ্ৰী কঢ়িওৱাৰ দৰে দৈনন্দিন জীৱনত ব্যৱহৃত সামগ্ৰী বিচাৰি উলিয়াবলৈ সক্ষম হ'ব । এই সুবিধাটো ২০২৪ চনৰ মে’ মাহৰ পৰা আৰম্ভ হ'ব । বিশেষকৈ ফাইণ্ড মাই ডিভাইচ নেটৱৰ্কৰ বাবে প্ৰস্তুত কৰি তোলা বিশেষ টেগবোৰে আপোনাক অবাঞ্ছিত ট্ৰেকিঙৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব ৷ এণ্ড্ৰইড আৰু আই.ও.এছ.-ত অজ্ঞাত ট্ৰেকাৰ এলাৰ্টৰ নটিফিকেশ্য়ন আহিব ৷

3. সমীপত থকা সামগ্ৰীসমূহ কেনেকৈ বিচাৰিব?

যদি ব্যৱহাৰকাৰীজন হেৰুওৱা ডিভাইচৰ ওচৰত থাকে তেনেহ’লে, "ফাইণ্ড ডিভাইচ"ত ক্লিক কৰক ৷ মে'ত ব্লুটুথ টেগ মুকলি হোৱাৰ পিচতে দৈনন্দিন সামগ্ৰী, তেওঁলোকৰ মানীবেগ বা চাবি বিচাৰিবলৈ সক্ষম হ'ব।

4. ঘৰত থকা অন্য সদস্যৰ সৈতে নেষ্ট ডিভাইচ সংযোজন কৰক

যিহেতু আমাৰ ঘৰসমূহত বেছিভাগ বিচাৰি নোপোৱা সামগ্ৰী ঘৰৰ অন্য লোকৰ হাত থকাৰ সম্ভাৱনা থাকে সেইবাবে , ফাইণ্ড মাই ডিভাইচত উপলব্ধ নেষ্ট ডিভাইচৰ সৈতে সংযোগ কৰক ৷ এই পদ্ধতিৰে ঘৰতে থকা এটা ডিভাইচ বিচাৰিবলৈ সহজ হয় ৷

5. বন্ধু আৰু পৰিয়ালৰ সৈতে ভাগ-বাটোৱাৰা কৰক

এই ডিভাইচৰ জৰিয়তে আপুনি ঘৰৰ চাবি আপোনাৰ ৰুমমেটৰ লগত সংযোগ কৰাব পাৰে ৷ অথবা টিভি ৰিমৰ্টটো আপোনাৰ বন্ধুৰ সৈতে সংযোগ কৰক ৷ অথবা আপুনি ভ্ৰমণৰ বাবে নিয়া সামগ্ৰীআপোনাৰ লগত বন্ধুৰ সৈতে সংযোগ কৰি থব পাৰে ৷ যাতে কিবা হেৰাই গ'লে আপোনালোকে সহজতে বিচাৰিব পাৰে ৷

লগতে পঢ়ক : BoAt ব্যৱহাৰকাৰীসকল সাৱধান, ফাদিল হ’ব পাৰে আপোনাৰ গোপন তথ্য - BoAt Users Privacy Leaks

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.